নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৃংখলা ভংগৰে পাকিস্তানী যুৱতীৰে বিয়া জোৱানৰ

🔹 কঠোৰ পদক্ষেপ গ্রহণ কৰিব চিআৰপিএফে 

নিউজ ডেস্ক, ৩ মে’ : পাকিস্তানী যুৱতী মিনাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জম্মু–কাশ্মীৰৰ চিআৰপিএফ জোৱান মুনিৰ খান৷ শেহতীয়া এক প্রতিবেদন অনুসৰি মুনিৰ খানৰ বিৰুদ্ধে বিচাৰ বিভাগীয় তদন্ত গ্রহণৰ প্রস্তুতি চলিছে৷ চিআৰপিএফে অনুমতি দিয়াৰ পূর্বেই পাকিস্তানী যুৱতীগৰাকীক বিয়া কৰাইছিল মুনিৰে৷ এয়া চিআৰপিএফৰ শৃংখলা উলংঘা বুলি অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ উপৰি মুনিৰৰ কার্যই ৰাষ্ট্রীয় নিৰাপত্তাৰ বিষয় সন্দর্ভতো সৃষ্টি কৰিছে ভাবুকি৷ সেইবাবে চিআৰপিএফৰ তৰফৰ পৰা মুনিৰ খানৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰিছে৷ কেন্দ্রীয় অর্ধসামৰিক বাহিনীটোৰ ৪১ বেটেলিয়নত কর্মৰত হৈ আছে মুনিৰ৷ পাকিস্তানী যুৱতীক বিয়া কৰোৱাৰ বাবে অনুমতি–পত্র জমা দিছিল মুনিৰে৷ কিন্তু কার্যক্ষেত্রত দেখা গৈছে যে তেওঁৰ দপ্তৰে এই সন্দর্ভত অনুমতি দিয়াৰ পূর্বেই যোৱা ২৪ মে’ত অনলাইনযোগে বিয়াৰ আনুষ্ঠানিক পর্ব সম্পন্ন কৰা হৈছিল৷ কিয় নিজৰ দপ্তৰৰ তৰফৰ পৰা অনুমতি প্রদানলৈ অপেক্ষা নকৰিলে, তাক লৈ এতিয়া প্রশ্ণ উত্থাপন হৈছে৷ সেই সূত্রেই চিআৰপিএফ জোৱানজনৰ বিৰুদ্ধে শৃংখলা ভংগৰ অভিযোগত পদক্ষেপ গ্রহণ কৰা হ’ব বুলি ঊর্ধ্বতন কর্তৃপক্ষই ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে চিআৰপিএফৰ শৃংখলা উলংঘা কৰাৰ বাবে মুনিৰৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্রহণ কৰা হ’ব পাৰে বুলি একাংশই দাবী কৰিছে৷ পেহেলগাম কাণ্ডৰ পাছতে এই বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷

You might also like