ছোমালিয়াৰ হোটেলত সন্ত্ৰাসবাদী আক্ৰমণঃ নিহত ১৫ জন
নিয়মীয়া বাৰ্তা,২০ আগষ্ট: সন্ত্ৰাসবাদী আক্ৰমণত ৰক্তাক্ত ছোমালিয়াৰ ৰাজধানী মোগাদিছু। শুকুৰবাৰে নিশা মহানগৰখনৰ এখন হোটেলত আক্ৰমণ চলায় উগ্ৰপন্থীয়ে। এই ঘটনাত এতিয়ালৈকে কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন বহু লোক আহত হৈছে। পশ্চিম আফ্ৰিকাৰ আল কায়দাৰ হৈ কাম কৰা কুখ্যাত উগ্ৰপন্থী সংগঠন আল-ছাবাবে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। ছোমালিয়াৰ ৰাষ্ট্ৰপতি হাছান শ্বেইখ মহামুদে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শুকুৰবাৰে ২৬/১১ মুম্বাই আক্ৰমণৰ শৈলীত উগ্ৰপন্থীয়ে ছোমালিয়াৰ ৰাজধানী মোগাদিছুৰ ওচৰত অৱস্থিত অভিজাত হায়াট হোটেলত আক্ৰমণ চলায়। উগ্ৰপন্থী কেইজনে বিস্ফোৰক দ্ৰব্যৰে ভৰ্তি গাড়ী লৈ হোটেলখনত প্ৰৱেশ কৰি আত্মঘাতী আক্ৰমণ চলায়।
তাৎপৰ্যপূৰ্ণভাৱে যোৱা দেওবাৰে ছোমালিয়াত আমেৰিকাৰ বিমান আক্ৰমণত নিহত হৈছিল ১৩ জন আল ছাবাবৰ সদস্য। হয়টো সেই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ সন্ত্ৰাসবাদী সংগঠনটোৱে মোগাদিছুৰ হোটেলখনত আক্ৰমণ চলাইছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে ইছলামিক উগ্ৰপন্থী সংগঠন আল-ছাবাবক ৰোধ কৰিবলৈ স্থানীয় চৰকাৰৰ অনুৰোধত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে যোৱা মে’ মাহত ছোমালিয়ালৈ সেনা প্ৰেৰণ কৰিছিল।