নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাত চামিল হ’ব অত্যাধুনিক ৰব’টিক কুকুৰ

 🔹 আধুনিক যুদ্ধৰ বাবে সাজু হ’ল ভাৰত

বিশেষ বাৰ্তা, ১ জুলাই : ভাৰত–চীন সীমান্তৰ দৰে কঠিন প্রাকৃতিক পৰিৱেশত কাম কৰিব এই কুকুৰে৷ জোৱানসকলৰ পৰিৱর্তে এই কুকুৰে বহন কৰিব গধুৰ সা–সৰঞ্জাম৷ নজৰদাৰীও কৰিব কুকুৰবোৰে৷ গুলী কৰিও কোনো লাভ নহ’ব৷ কাৰণ এই কুকুৰবোৰৰ জন্ম থাকিলেও মৃত্যু নাই৷ কামানৰ গোলা অবিহনে ইয়াৰ ক্ষতিসাধন কৰা সম্ভৱ নহ’ব৷ আত্মনির্ভৰ ভাৰতত সেনাৰ আধুনিকীকৰণৰ বাবে ক্রয় কৰা হৈছে কুকুৰৰ আকৃতিৰ এই ৰবোটিক মাল্টি–ইউটিলিটি লেগড ইকুইপমেণ্ট বা মিউলছ৷ এই ধৰণৰ ২৫টা মিউলছৰ সমীক্ষা ইতিমধ্যে সম্পন্ন হৈছে৷ খুব শীঘ্রে এই কুকুৰবোৰ সেনাত চামিল কৰা হ’ব৷ যোৱা বছৰ ছেপ্টেম্বৰ মাহত জৰুৰী ভিত্তিত ১০০টা ৰব’টিক কুকুৰ ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ইয়াৰ ভিতৰত ২৫টা চাৰিঠেঙীয়া ৰব’ট সেনাত শীঘ্রে চামিল কৰা হ’ব৷ সেনাৰ সূত্রই সদৰী কৰা অনুসৰি কুকুৰবোৰ সেনাৰ বাবে কার্যকৰী হ’লে এনেধৰণৰ কুকুৰ অধিক হাৰত ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ সেনাৰ সূত্রই সদৰী কৰা অনুসৰি দিল্লীৰ এটা সংস্থাই স্থলসেনাৰ বাবে এই ৰব’টিক কুকুৰবোৰ প্রস্তুত কৰিছে৷ আচলতে ৰব’টিক কুকুৰবোৰত থার্মাল কেমেৰা আৰু ছেঞ্চৰ লগোৱা আছে৷ ইয়াৰ জৰিয়তে নজৰদাৰী চলোৱাটো সম্ভৱ৷ আনফালে দুর্গম ভূখণ্ডত, প্রতিকূল বতৰত গধুৰ সা–সৰঞ্জাম পৰিবহণৰ ক্ষেত্রত এই কুকুৰবোৰক ব্যৱহাৰ কৰিব পৰা যাব৷ ৰিম’টৰ জৰিয়তে দূৰৰ পৰা নিয়ন্ত্রণ কৰিব পৰা যায় এই কুকুৰবোৰক৷ সৰু সৰু অস্ত্রৰ জৰিয়তেও ইয়াক সজ্জিত কৰিব পৰা যায়৷ সেই অস্ত্র ব্যৱহাৰ কৰি শত্রুপক্ষৰ বিৰুদ্ধে আক্রমণো চলাব পাৰে এই ৰব’টিক কুকুৰবোৰে৷ ভাৰতৰ অন্যতম প্রতিপক্ষ চীন৷ ৰঙা চীনৰ সেনাই ইতিমধ্যে ৰব’টিক কুকুৰৰ সামৰিক দক্ষতা প্রদর্শন কৰিছে৷ সমগ্র পৃথিৱীয়ে চীনৰ এই কার্য দেখাৰ পাছতে আশ্চর্য প্রকাশ কৰিছে৷ প্রযুক্তি-নির্ভৰ যুদ্ধৰ বাবে এই ৰব’টিক কুকুৰবোৰ হ’ব পাৰে আটাইতকৈ সহায়ক৷ সেইবাবে ভাৰতেও এই ৰব’টিক কুকুৰ সেনাত চামিল কৰাৰ সিদ্ধান্ত লৈছে৷ আধুনিক যুদ্ধৰ বাবে ভাৰতৰ এয়া এক প্রস্তুতি হিচাপে চিহ্ণিত হৈছে৷ অৱশ্যে এই সন্দর্ভত প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্রকাশ কৰা হোৱা নাই৷ কিন্তু শীঘ্রে এই সন্দর্ভত মন্ত্রালয়ে সবিশেষ প্রকাশ কৰিব বুলি এক সূত্রই সদৰী কৰিছে৷

You might also like