নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুৰিকাঘাতৰ পৰা ৰক্ষা পাবলৈ অত্যাধুনিক ছাতি

🔹 ৰে’লযাত্রীৰ জীৱনৰ নিৰাপত্তাৰ বাবে প্রস্তুত

বিশেষ বাৰ্তা, ২৪ অক্টোবৰ : ৰ’দ, বৰষুণ, ধুমুহাৰ সময়ত ছাতিয়েই ভৰসা৷ কিন্তু এই ছাতিয়ে এইবাৰ ৰক্ষা কৰিব ছুৰীৰ আঘাতৰ পৰা৷ জাপানত প্রস্তুত কৰা হৈছে এনেধৰণৰ ছাতি৷ ব্লেডেৰে ফালিব নোৱাৰিব এই ছাতি৷ অকল ব্লেডেই নহয়, কোনোধৰণৰ ধাতৱ অস্ত্রৰ এই ছাতি ফালি পেলোৱাৰ ক্ষমতা নাই৷ কিন্তু কিয় হঠাতে এনে ছাতি প্রস্তুত কৰা হ’ল জাপানত! শেহতীয়াকৈ জাপানৰ ৰে’লত ছুৰীৰ আক্রমণৰ ঘটনা সঘনে ঘটিবলৈ ধৰিছে৷ গতিকে যাত্রীসকলৰ মাজত সৃষ্টি হৈছে আতংক৷ এনে পৰিস্থিতিত জাপানৰ ৰে’ল বিভাগে যাত্রীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ শেহতীয়াকৈ ওছাকাত এখন সংবাদ মেলত পশ্চিম জাপান ৰে’লৱে কংয়ৰ তৰফৰ পৰা এই নতুন ছাতি প্রস্তুত কৰাৰ কথা সদৰী কৰা হৈছে৷ ইয়াৰ লগতে আশা কৰা হৈছে যে এই পাতল ওজনৰ ছাতিয়ে ছুৰীৰ আক্রমণৰ পৰা যাত্রীসকলক ৰক্ষা কৰিব৷ এক কথাত ক’বলৈ গ’লে, সেনাৰ বর্মৰ দৰে কাম কৰিব এই ছাতিয়ে৷ ২০ ছেঃ মিঃ দৈৰ্ঘ্যৰ ছাতিৰ গঠন এনেধৰণে প্রস্তুত কৰা হৈছে যে আক্রমণকাৰীসকলক ই নিৰস্ত্র কৰিব পাৰিব৷ ছাতিৰ হেণ্ডেল বিশেষভাৱে তৈয়াৰ কৰা হৈছে৷

You might also like