সৌৰভ গাংগুলীলৈ জেড কেটেগৰীৰ নিৰাপত্তা
বিশেষ বাৰ্তা, ১৬ মেঃ বিচিচিআইৰ প্রাক্তন সভাপতি সৌৰভ গাংগুলীক জেড কেটেগ’ৰীৰ নিৰাপত্তা প্রদান কৰা হৈছে৷ প্রশাসনিক পর্যায়ত পুনৰীক্ষণৰ অন্তত সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ মন কৰিবলগীয়া যে গাংগুলীয়ে ৱাই কেটেগ’ৰীৰ নিৰাপত্তা লাভ কৰি আহিছিল৷ কিন্তু এতিয়া ইয়াক জেড কেটেগ’ৰীলৈ বৃদ্ধি কৰা হৈছে৷ জানিব পৰা মতে, ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্বত থকা বিভাগটোৰ পর্যালোচনাৰ অন্তত গাংগুলীৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ আৰক্ষীক নির্দেশ দিয়া হৈছে৷ ইতিমধ্যে ঠাকুৰপুকুৰ থানাৰ বিশেষ শাখাৰ বিষয়াসকলে প্রাক্তন অধিনায়কগৰাকীৰ ঘৰত উপস্থিত হৈ পর্যবেক্ষণ কৰিছে৷ অৱশ্যে মহাৰাজৰ নিৰাপত্তা বৃদ্ধিৰ সঠিক কাৰণ আৰক্ষীয়ে স্পষ্ট কৰা নাই৷