২০২৫ চনত সম্ভৱ নহ’ব ‘গগনযান মিছন’
🔹 ‘ইছৰো’ৰ মুৰব্বী এছ সোমনাথৰ গুৰুত্বপূর্ণ ঘোষণা
🔹 পুনৰ পিছুৱালে মহাকাশলৈ ভাৰতীয় নভোচৰ প্রেৰণৰ অভিযান
নিউজ ডেস্ক, ২৯ অক্টোবৰ : পুনৰ পিছুৱাই দিয়া হ’ল মহাকাশলৈ ভাৰতীয় নভোচৰ প্রেৰণৰ অভিযান৷ কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ‘ইছৰো’ৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে নিৰাপত্তাজনিত কাৰণত গগনযান অভিযান ২০২৫ চনত সম্ভৱ নহ’ব৷ ইয়াৰ পৰিৱর্তে ২০২৬ চনত হ’ব এই অভিযান৷ ইয়াৰ লগতে ইছৰোৰ ‘চন্দ্রযান–৪’ আৰু ‘নিচাৰ’ৰ উৎক্ষেপণৰ সময়সূচীও ঘোষণা কৰিলে ইছৰোৰ মুৰব্বী এছ সোমনাথে৷ আকাশবাণীৰ চর্দাৰ পেটেল স্মাৰক বত্তৃণতাৰ সময়ত তিনিওটা অভিযানৰ নতুন সময়সূচী ঘোষণা কৰে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে৷ সোমনাথে উল্লেখ কৰে যে ইছৰোৰ প্রথম মহাকাশচাৰী প্রেৰণ অভিযান ২০২৫ চনত সম্ভৱ নহ’ব৷ তাৰ পৰিৱর্তে ২০২৬ চনত এই অভিযান চলোৱা হ’ব৷ চন্দ্রযান–৪ ২০২৮ চনত মহাকাশলৈ প্রেৰণ কৰা হ’ব বুলিও সোমনাথে উল্লেখ কৰে৷ ২০২৫ চনত ভাৰত আৰু আমেৰিকাৰ যৌথ অভিযান ‘নিচাৰ’ সম্ভৱ হ’ব বুলি উল্লেখ কৰিছে সোমনাথে৷ বিজ্ঞানীগৰাকীয়ে এই কথাও উল্লেখ কৰে যে জাপানৰ মহাকাশ গৱেষণা সংস্থাৰ সৈতে যৌথভাৱে ‘চন্দ্রযান–৫’ অভিযান চলোৱা হ’ব৷