নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাটে–পথে কীটাণুনাশক ছটিওৱাটো কিয় ক্ষতিকাৰক ?

নিয়মীয়া বাৰ্তা, ১৮ মেঃ ক’ৰোনা ভাইৰাছ নির্মূলৰ বাবে দেশসমূহে বাটে–পথে কীটাণুনাশক ছটিওৱা কার্যক লৈ গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ৰাষ্ট্রসংঘৰ সংস্থাটোৱে বিবৃতিযোগে বাট–পথত কীটাণুনাশক ছটিওৱাটো ক্ষতিকাৰক বুলি দেশসমূহক সকীয়নি প্রদান কৰিছে৷

বিবৃতিত প্রকাশ কৰা মতে, কীটাণুনাশকে নতুন ক’ৰোনা ভাইৰাছ নির্মূল নকৰে, বৰঞ্চ মানৱ স্বাস্থ্যৰ বাবে বিপজ্জনক হৈহে পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি দি প্রকাশ কৰা বিবৃতিত এই কথা স্পষ্ট কৰি দিয়ে যে বাটে–পথে অথবা বজাৰ অঞ্চলত কীটাণুনাশক ছটিয়ালে ক’ভিড–১৯ৰ বীজাণু নাশ কিম্বা আন কোনো ক্ষতিকাৰক বীজাণু নাশ হয় বুলি সংস্থাটোৱে অনুমোদন জনোৱা নাই৷ বাট–পথ ক’ভিড–১৯ৰ সংক্রমণৰ ভঁৰাল নহয় বুলি উল্লেখ কৰি সংস্থাটোৱে কয় যে এনেদৰে দেশসমূহে বাটে–পথে কীটাণুনাশক ছটিয়ালে মানৱ স্বাস্থ্যৰ প্রতি বিপদ কঢ়িয়াই আনিব৷

ইয়ে মানৱ দেহৰ লগতে মনস্তাত্ত্বিক দিশটোৰ ক্ষতি কৰিব৷ আক্রান্ত ৰোগীৰ ড্রপলেট অথবা আন মাধ্যমৰ জৰিয়তে ভাইৰাছটোৰ সংক্রমণৰ মাত্রা হ্রাস নহয় বুলিও বিবৃতিত প্রকাশ কৰিছে৷ ক্ল’ৰিন অথবা আন বিষাক্ত ৰাসায়নিক ছটিয়ালে মানৱ দেহৰ বিশেষকৈ চকু, ছাল আদিত ক্ষতিৰ সম্ভাৱনা অধিক বুলিও কয় বিবৃতিত৷

You might also like