নিষিদ্ধ কোকেইন সেৱন কৰি বিপদত তাৰকা ক্ৰিকেটাৰ : এমাহৰ নিষেধাজ্ঞা আৰোপ
নিউজ ডেস্ক, ১৯ নৱেম্বৰ : ক্রিকেট বিশ্বত পুনৰ নিষিদ্ধ ড্রাগছৰ জোকাৰণি৷ এইবাৰ ড্রাগছ সেৱনৰ অভিযোগত শাস্তিৰ সন্মুখীন হৈছে নিউজিলেণ্ডৰ এগৰাকী ক্রিকেটাৰ৷ নিষিদ্ধ কোকেইন ব্যৱহাৰ কৰা বাবে খেলুৱৈগৰাকীৰ ওপৰত এমাহৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ড্রাগছ সেৱনৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হোৱা তাৰকাগৰাকী হৈছে পেচ বলাৰ ডগ ব্রেচৱেল৷ স্প’ৰ্টছ ইনটিগ্রিটি কমিছনে এক বিবৃতিত প্রকাশ কৰা মতে, ব্রেচৱেলে বিগত জানুৱাৰী মাহত ৱেলিংটনৰ বিৰুদ্ধে চেন্ট্ৰেল ডিষ্ট্রিক্টছৰ ঘৰুৱা টি–২০ খেলৰ পূর্বে কোকেইন ব্যৱহাৰ কৰিছিল৷ এই মেচৰ পিছত পৰীক্ষাত তেওঁৰ শৰীৰত ড্রাগছ লোৱাৰ কথা ধৰা পৰিছিল আৰু এনে পৰিস্থিতিত ব্রেচৱেলৰ ওপৰত এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইতিমধ্যে ব্রেচৱেলে প্রতিনিধিত্ব কৰা চেন্ট্ৰেল ডিষ্ট্রিক্টছ দলেও খেলুৱৈগৰাকীয়ে কোকেইন সেৱন কৰা বুলি স্বীকাৰ কৰিছে৷ কিন্তু মেচৰ লগত ব্রেচৱেলৰ ড্রাগছ সেৱনৰ বিষয়টোৰ কোনো সম্পর্ক নাই বুলিও দলটোৱে স্পষ্ট কৰি দিছে৷ দলটোৱে প্রকাশ কৰা মতে, মেচৰ পূর্বে ব্রেচৱেলে নিচা সেৱন কৰি আহিছিল আৰু এই বিষয়ে কোনো লোকেই অৱগত নাছিল৷ অৱশ্যে ব্রেচৱেলে ইতিমধ্যেই এই শাস্তি ভুগিছে আৰু সেয়ে পুনৰ তেওঁ শাস্তিৰ সন্মুখীন হ’ব নালাগে৷ চলিত বর্ষৰে এপ্রিল মাহত ড্রাগছ সেৱনৰ বাবে এমাহৰ নিষেধাজ্ঞা পাৰ কৰিছে৷ গতিকে তেওঁৰ নিলম্বন সম্পূর্ণ হৈছে আৰু তেওঁ পুনৰ ক্রিকেটত অংশগ্রহণ কৰিব পাৰিব বুলি ৰায় দিয়া হৈছে৷