নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুড পেকেজিঙত ব্যৱহৃত ৩৬০০ ৰাসায়নিক দ্রব্যৰ স্থিতি মানৱ শৰীৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ছেপ্টেম্বৰঃ ফুড পেকেজিঙত ব্যৱহৃত ৰাসায়নিক দ্রব্য মানৱ শৰীৰত ধৰা পৰিছে৷ ৩,৬০০তকৈ অধিক ৰাসায়নিক দ্রব্য মানৱ শৰীৰত স্থিতি লৈছে৷ ইয়াৰে ১০০ ৰাসায়নিক দ্রব্য মানৱ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ এই উদ্বেগজনক তথ্য প্রকাশ পাইছে জুৰিখস্থিত এনজিঅ’ ফুড পেকেজিং ফ’ৰাম ফাউণ্ডেচনৰ অধ্যয়নত৷ এনজিঅ’টোৰ নেতৃত্বত থকা বীৰগিট গুৱেইকে প্রকাশ কৰা মতে, ৩,৬০০তকৈ অধিক ৰাসায়নিক দ্রব্যৰ ভিতৰত ১০০ ৰাসায়নিক দ্রব্যই মানৱ স্বাস্থ্যৰ বাবে হানিকাৰক৷ অতি উদ্বেগজনক৷ প্লাষ্টিক, কাগজ, গ্লাছ, ধাতু আৰু অন্যান্য সামগ্রীৰ দ্বাৰা প্রস্তুত কৰা পেকেজিঙত খাদ্য পৰিৱেশন কৰাৰ বাবেই মানৱ শৰীৰত ৩,৬০০তকৈ অধিক ৰাসায়নিক দ্রব্যৰ প্রৱেশ কৰিছে৷ ১০০ অনিষ্টকাৰী ৰাসায়নিক দ্রব্যৰ ভিতৰত নিষিদ্ধ পিএফএএছ আৰু বিছফেনল এও আছে৷ ১০০ ৰাসায়নিক দ্রব্যই মানৱ স্বাস্থ্যৰ ক্ষতি কৰাটো নিশ্চিত যদিও বাকী ৰাসায়নিক দ্রব্যই মানৱ স্বাস্থ্যৰ ওপৰত কিধৰণৰ প্রভাৱ পেলায় সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ তদুপৰি ৰান্ধনিঘৰৰ সা–সঁজুলিৰ পৰাও খাদ্য ৰন্ধাৰ সময়ত ৰাসায়নিক দ্রব্য মানৱ শৰীৰত প্রৱেশ কৰে বুলি অধ্যয়নৰ প্রতিবেদনত প্রকাশ পাইছে৷ মানৱ শৰীৰৰ নমুনা পুংখানুপুংখভাৱে অধ্যয়ন কৰাৰ অন্তত এনজিঅ’টোৱে এই উদ্বেগজনক তথ্য লাভ কৰিছে৷ পিএফএএছে মানৱ শৰীৰৰ ক্ষতি কৰাটো ইতিমধ্যে নিশ্চিত হোৱাত সেই ৰাসায়নিক দ্রব্যবিধ নিষিদ্ধ কৰা হৈছে৷ বিছফেনল এ ৰাসায়নিক দ্রব্যবিধে হৰম’নৰ ক্ষতি কৰে৷ প্লাষ্টিকৰ পৰা এই বিছফেনল এ দ্রব্যবিধ মানৱ শৰীৰত প্রৱেশ কৰে৷ এনে কাৰণতে বহু দেশত কেঁচুৱাৰ বাবে ব্যৱহৃত বটলত এই দ্রব্যবিধ নিষিদ্ধ কৰা হৈছে৷ উল্লেখ্য যে জার্নেল অৱ এক্সপ’জাৰ ছায়েঞ্চ এণ্ড এনভাইৰনমেণ্টেল এপিডেমিল’জীত এই অধ্যয়নৰ প্রতিবেদন প্রকাশ পাইছে৷

You might also like