নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহায্য বন্ধ ! ট্রাম্পে কাঢ়িব এইডছ ৰোগীৰ প্রাণ

🔹 উদ্বিগ্ন ৰাষ্ট্রসংঘ : ৫ বছৰত বিশ্বত মৃত্যু হ’ব পাৰে ৬ লক্ষাধিক এইডছ আক্রান্তৰ

নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সিদ্ধান্তৰ ফলত পৃথিৱীজুৰি লাখ লাখ লোকে প্রাণ হেৰুৱাব পাৰে৷ এই আশংকা কৰিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রপতি হিচাপে শপত গ্রহণ কৰাৰ পাছতেই খৰচ হ্রাস কৰিবলৈ এলানি মার্কিন অনুদান কর্তন কৰাৰ সিদ্ধান্ত লয় ড’নাল্ড ট্রাম্পে৷ ইয়াৰ ফলত বিশ্বৰ বিভিন্ন দেশত আক্রান্ত লোকসকল সমস্যাৰ সন্মুখীন হৈছে৷ লক্ষণীয়ভাৱে এইডছ আক্রান্ত লোকসকলৰ বাবে পূর্বে ধার্য কৰা সাহায্যও কর্তন কৰাৰ সিদ্ধান্ত লৈছে ট্রাম্পে৷ সেইবাবে ৰাষ্ট্রসংঘই আশংকা প্রকাশ কৰিছে যে মার্কিন অনুদান বন্ধ হৈ গ’লে এইডছ আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব৷ ড’নাল্ড ট্রাম্প প্রশাসনৰ ডিপার্টমেণ্ট অৱ গভর্নমেণ্ট এফিচিয়েঞ্চীৰ তৰফৰ পৰা এক্স হেণ্ডেলত এটা প’ষ্ট কৰা হয়৷ এই দপ্তৰৰ মুৰব্বীৰ দায়িত্বত আছে মার্কিন ধনকুবেৰ এলন মাস্ক৷ মাস্কে প’ষ্টটোত উল্লেখ কৰিছে যে আমেৰিকা চৰকাৰৰ খৰচ হ্রাস কৰিবলৈ কেইবাখনো দেশত বিভিন্ন শিতানত আগবঢ়োৱা আমেৰিকাৰ সাহায্য বন্ধ কৰা হৈছে৷ লগে লগে এই বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ ভাৰত, বাংলাদেশ, নেপাল আদি দেশৰ নির্বাচন তথা ৰাজনৈতিক পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্রত থকা অনুদান বন্ধৰো সিদ্ধান্ত লৈছে মাস্কৰ দপ্তৰে৷ লক্ষণীয়ভাৱে বিশ্বজুৰি লিংগ ক্ষমতা, গণতন্ত্র, নাৰী ক্ষমতায়ন আদি শিতানৰো সাহায্য কর্তন কৰিছে ট্রাম্প প্রশাসনে৷ আমেৰিকা চৰকাৰে আগবঢ়াই থকা সাহায্য বন্ধ হৈ যোৱাৰ ফলত আগন্তুক পাঁচ বছৰত ছয় লক্ষাধিক এইডছ আক্রান্ত লোকৰ মৃত্যু হ’ব পাৰে৷ উল্লেখনীয় যে মার্কিন অনুদানৰ জৰিয়তে বিশ্বত ২ কোটি এইডছ আক্রান্তক চিকিৎসা প্রদান কৰি থকা হৈছে৷

You might also like