পিতৃ–মাতৃয়ে ভোটদান কৰিলে শিক্ষার্থীয়ে পাব অতিৰিক্ত নম্বৰ
🔹 উত্তৰ প্রদেশৰ শিক্ষানুষ্ঠানৰ অভিনৱ পদক্ষেপ : ভোটাৰক উৎসাহিত কৰাৰ কৌশল
বিশেষ বাৰ্তা, ২০ মে’ : সাধাৰণ মানুহক নির্বাচনমুখী কৰিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই নির্বাচন আয়োগে৷ অভিনৱ উদ্যোগৰ সমান্তৰালকৈ ব্যাপক প্রচাৰো চলোৱা হৈছে৷ তাৰ পাছতো ভোটদানৰ ক্ষেত্রত আগ্রহৰ অভাৱ দেখিবলৈ পোৱা গৈছে ভোটাৰসকলৰ মাজত৷ এনে পৰিস্থিতিত ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ বিশেষ উদ্যোগ গ্রহণ কৰিলে উত্তৰ প্রদেশৰ এখন শিক্ষানুষ্ঠানে৷ শিক্ষানুষ্ঠান কর্তৃপক্ষৰ পৰা ঘোষণা কৰা হ’ল যে ছাত্র–ছাত্রীসকলে নিজৰ পিতৃ–মাতৃ তথা জ্যেষ্ঠ সদস্যসকলক ভোট দিবলৈ সন্মত কৰিব পাৰিলে উপহাৰ হিচাপে তেওঁলোকক দিয়া হ’ব অতিৰিক্ত ১০ নম্বৰ৷ উল্লেখনীয় যে আজি দেশজুৰি পঞ্চম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হৈছে৷ এই নির্বাচনৰ প্রতি গুৰুত্ব প্রদান কৰি উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ ছেইণ্ট যোচেফ কলেজৰ পৰা ছাত্র–ছাত্রীসকলক পৰীক্ষাত অতিৰিক্ত নম্বৰ দিয়াৰ আশ্বাস দিয়া হৈছে৷ শিক্ষানুষ্ঠানৰ বিবৃতিত উল্লেখ কৰা হৈছে যে শিক্ষার্থীসকলে পিতৃ–মাতৃক ভোটদানৰ বাবে ভোটকেন্দ্রলৈ প্রেৰণ কৰিব পাৰিলে পৰীক্ষাৰ বহীত অতিৰিক্ত ১০ নম্বৰ পোৱাটো নিশ্চিত৷ অৱশ্যে এইক্ষেত্রত ভোটদানৰ পাছতে পিতৃ–মাতৃয়ে আহি ভোট দিয়াৰ প্রমাণ দিব লাগিব শিক্ষানুষ্ঠানত৷ অর্থাৎ আঙুলিত চিঞাহীৰ দাগ দেখুৱাব লাগিব৷ অকল সেয়াই নহয়, শিক্ষানুষ্ঠানৰ কর্মীসকলে ভোটদান কৰিলেও বিশেষ উপহাৰ পাব বুলি ঘোষণা কৰা হৈছে৷ কর্মীসকলে ভোটদান কৰিলে তেওঁলোকক অতিৰিক্তভাৱে এদিনৰ বেতন দিয়া হ’ব৷ অভিনৱ এই উদ্যোগ সন্দর্ভত ছেইণ্ট যোচেফ গ্রুপ অৱ ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক অনিল আগৰৱালাই কৈছে যে পঞ্চম পর্যায়ৰ নির্বাচনত ভোটদান কৰা লোকসকলৰ ক্ষেত্রতহে এই ব্যৱস্থা কার্যকৰী হ’ব৷ লক্ষণীয়ভাৱে এইবাৰ বিভিন্ন ৰাজ্যত পূর্বৰ লোকসভা নির্বাচনৰ তুলনাত ভোটদানৰ হাৰ হ্রাস পাইছে৷