বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ পার্থ টেষ্টত অনিশ্চিত শুভমন গিল
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূর্বেই ভাৰতে মোক্ষম আঘাতৰ সন্মুখীন হৈছে৷ লোকেশ ৰাহুল, বিৰাট কোহলি আৰু ছৰফৰাজ খানৰ পিছত এইবাৰ আঘাতৰ তালিকাত নাম অন্তর্ভুক্ত হ’ল শুভমন গিলৰ৷ শনিবাৰে অনুষ্ঠিত ৱার্মআপ মেচত আঘাতপ্রাপ্ত হৈ প্রথম টেষ্টত অনিশ্চিত হৈ পৰিছে গিল৷ বাঁওহাতৰ বুঢ়া আঙুলিত আঘাত পাহছে গিলে৷ দলৰ মাজতে খেলা ৱার্মআপ মেচখনৰ সময়ত ফিল্ডিং কৰি থকা অৱস্থাত আঘাতপ্রাপ্ত হয় গিল৷ লগে লগে তেওঁ খেলপথাৰ ত্যাগ কৰে৷ শুভমনৰ আঙুলিৰ আঘাতৰ স্কেন কৰা হ’ব৷ ব’ৰ্ডৰ এক সূত্রই জনোৱা মতে, শুভমনৰ আঙুলিত ফাট মেলিছে৷ প্রথম টেষ্টলৈ এসপ্তাহ বাকী৷ এনে আঘাত ভাল হ’বলৈ কমেও ১৪ দিন লাগে৷ দ্বিতীয়খন টেষ্ট ৬ ডিচেম্বৰৰ পৰা এডিলেইডত আৰম্ভ হ’ব৷ যদি সকলো ঠিকে থাকে তেন্তে উক্ত টেষ্টত খেলাৰ সম্ভাৱনা আছে গিলৰ৷ শুভমন আৰু ৰোহিতৰ অনুপস্থিতিত ভাৰতৰ টপ অর্ডাৰ দুর্বল হৈ পৰিব৷ ৰোহিতে খেলিব নোৱাৰিলে লোকেশ ৰাহুলে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ যদি শুভমন বাহিৰ হয়, তেন্তে অভিমন্যু ঈশ্বৰণে ৰাহুলক সংগ দিব৷ দেওবাৰ ৱার্মআপ মেচৰ অন্তিম দিন৷ ইয়াৰ পিছত যিসকল ভাৰত ‘এ’ দলৰ সদস্য আছিল, তেওঁলোকে নিজৰ দেশলৈ উভতি আহি নিজৰ নিজৰ ৰাজ্যিক দলত যোগদান কৰিব৷ পার্থৰ অপ্টাছ ষ্টেডিয়ামলৈ স্থানান্তৰিত হ’ব টীম ইণ্ডিয়া৷ মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ অনুশীলনত ভাগ ল’ব ভাৰতীয় দলটোৱে৷