নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান–চীনক সকীয়াই ‘কে–৪’ বেলিষ্টিকৰ সফল উৎক্ষেপণ

🔹 ভাৰতীয় নৌসেনাই ছাবমেৰিনৰ পৰা চলালে পৰীক্ষণ

🔹 পাৰমাণৱিক ক্ষমতাসম্পন্ন মিছাইলটোৱে ৩৫০০ কিলোমিটাৰ অতিক্রম কৰিবলৈ সক্ষম

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : চুবুৰীয়া ৰাষ্ট্রক প্রত্যাহ্বান জনাবলৈ ভাৰতীয় নৌবাহিনীক শক্তিশালীকৰণৰ আন এক পদক্ষেপ৷ ছাবমেৰিনৰ পৰা পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল সফলতাৰে পৰীক্ষণ কৰি নৌবাহিনীয়ে আন এক শক্তি লাভ কৰিলে৷ পাৰমাণৱিক ক্ষমতাসম্পন্ন ছাবমেৰিন আইএনএছ আৰিঘাটৰ পৰা বুধবাৰে পাৰমাণৱিক ক্ষমতাসম্পন্ন কে–৪ বেলিষ্টিক মিছাইলৰ সফলতাৰে পৰীক্ষণ কৰা বুলি সেনাৰ শীর্ষ বিষয়াই প্রকাশ কৰিছে৷ ভাৰতীয় নৌবাহিনীত অন্তর্ভুক্ত আইএনএছ আৰিঘাটৰ পৰা কে–৪ বেলিষ্টিক মিছাইলৰ সফলতাৰে পৰীক্ষণ কৰি ভাৰতীয় নৌবাহিনীয়ে আৰু অধিক শক্তিশালী হৈ উঠিল৷ এই পৰীক্ষণ হৈছে ভাৰতৰ দ্বিতীয় বৃহৎ আক্রমণৰ ক্ষমতাসম্পন্ন মিছাইলৰ পৰীক্ষণ৷ উল্লেখ্য যে ভাৰতীয় নৌবাহিনীত যোৱা আগষ্ট মাহত পাৰমাণৱিক ক্ষমতাসম্পন্ন ছাবমেৰিন অন্তর্ভুক্ত হোৱাৰ পাছত এইবাৰ ছাবমেৰিনৰ পৰাই পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ চলালে৷ ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত এই মিছাইল ছাবমেৰিনৰ পৰা সফল পৰীক্ষণে ভাৰতৰ মিছাইল ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিলে৷ উল্লেখ্য যে ভাৰতৰ আইএনএছ আৰিঘাট আৰু আইএনএছ আৰিহাণ্টে পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল নিক্ষেপ কৰিব পাৰে৷ তৃতীয় ছাবমেৰিন শীঘ্রেই নৌবাহিনীয়ে লাভ কৰিব৷ য’ৰ পৰা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিবলৈ সক্ষম হ’ব৷ নৌবাহিনী শক্তিশালীকৰণত ভাৰত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰাই নহয়, প্রতিৰক্ষা খণ্ডক আত্মনির্ভৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে৷ ছাবমেৰিনৰ পৰা সফল পৰীক্ষণ কৰা কে–৪ বেলিষ্টিক মিছাইলো আত্মনির্ভৰ ভাৰতৰেই অংশ৷

You might also like