নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাহৰিৰ যকৃত–মগজু মৃত মানুহৰ দেহত সফলতাৰে সংৰোপণ

🔹 চিকিৎসকৰ দলে কঢ়িয়াইছে বিশ্বজুৰি চিকিৎসা খণ্ডলৈ আশাৰ ৰেঙনি

নিউজ ডেস্ক, ২৮ মার্চ : বিশ্বত প্রথমবাৰৰ বাবে চীনৰ চিকিৎসকৰ দলে জেনেটিকেলী বিকশিত গাহৰিৰ যকৃত–মগজু মৃত মানুহৰ দেহত সংৰোপণ কৰি যুগান্তকাৰী সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ চীনৰ এই সফলতাত বিশ্বজুৰি চলি থকা অংগ সংকটৰ পৰা উদ্ধাৰৰ এক আশাৰ ৰেঙনি প্রতিফলিত হৈছে৷ বিগত কেইবাবছৰো ধৰি প্রাণীৰ অংগ মানৱ দেহত সংৰোপণৰ প্রক্রিয়া এটা চলি আহিছে৷ আমেৰিকা যুক্তৰাষ্ট্রত ইতিমধ্যে গাহৰিৰ বৃক্ক আৰু হৃদপিণ্ড মানৱ দেহত সফলতাৰে সংৰোপণ কৰিবলৈ সক্ষম হৈছে৷ চীনে যোৱা বুধবাৰে জেনেটিকেলী বিকশিত গাহৰিৰ যকৃত মানৱ দেহত সংৰোপণ কৰি চিকিৎসা বিজ্ঞানলৈ আশাব্যঞ্জক বার্তা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে বিশ্বজুৰি অংগ সংৰোপণৰ বাবে আশাৰে বাট চাই থকা অলেখ ৰোগীৰ ক্ষেত্রত চীনৰ এই সফলতাই নতুন পথ দেখুৱাব পাৰে৷ মন কৰিবলগীয়া যে চীনৰ চিকিৎসকৰ দলটোৱে গাহৰিৰ বৃক্ক মানৱ দেহত সফলতাৰে সংৰোপণ কৰাৰ পিছত এইবাৰ গাহৰিৰ যকৃত মানৱ দেহত সফলতাৰে সংৰোপণ কৰিবলৈ সক্ষম হৈছে৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, চীনৰ ঝিয়ানৰ ফোর্থ মিলিটাৰী মেডিকেল ইউনিভার্ছিটীৰ ঝিজিং হাস্পতালৰ সংৰোপণ বিশেষজ্ঞৰ দল এটাই এই সফলতা লাভ কৰিছে৷ বিজ্ঞানভিত্তিক আলোচনী জার্নেল নেচাৰত চীনৰ চিকিৎসকৰ এই সফলতাৰ প্রতিবেদন বিস্তৃতভাৱে প্রকাশ পাইছে৷ উল্লেখ্য যে বিগত বর্ষত আমেৰিকা যুক্তৰাষ্ট্রৰ পেঞ্চিলভেনিয়া বিশ্ববিদ্যালয়ৰ শল্য চিকিৎসক এজনে গাহৰিৰ যকৃত–মগজু মৃত মানুহৰ দেহত সংৰোপণ কৰিবলৈ চেষ্টা চলাইছিল৷ অৱশ্যে চিকিৎসকগৰাকীয়ে মগজু মৃত মানৱ শৰীৰৰ বাহিৰত এই প্রয়াস চলাইছিল, কিন্তু সফলতা লাভ কৰিব নোৱাৰিলে৷ চীনৰ চিকিৎসকে অৱশেষত মগজু মৃত মানৱ দেহত জেনেটিকেলী বিকশিত গাহৰিৰ যকৃত সফলতাৰে সংৰোপণ কৰি চিকিৎসা বিজ্ঞানত ইতিহাস সৃষ্টি কৰিলে৷

You might also like