নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছ ৱর্ল্ড ২০২৫ -ৰ খিতাপ জিনিলে থাইলেণ্ডৰ সুন্দৰী ছুচাটা ছুৱাংশ্রীয়ে

🔹 মিছ ৱর্ল্ড ২০২৫ -ৰ খিতাপ জিনিলে থাইলেণ্ডৰ সুন্দৰী ছুচাটা ছুৱাংশ্রীয়ে

🔹 দ্বিতীয় স্থান লাভ কৰে মিছ ইথিঅ’পিয়াই

নিউজ ডেস্ক, ১ জুন : মিছ ৱর্ল্ড ২০২৫ -ৰ খিতাপ জিনিলে থাইলেণ্ডৰ সুন্দৰী অপেল ছুচাটা ছুৱাংশ্রীয়ে৷ হায়দৰাবাদৰ তেলেংগানাত আয়োজিত ৭২সংখ্যক মিছ ৱর্ল্ড প্রতিযোগিতাৰ চূড়ান্ত ফলাফলত থাইলেণ্ডৰ সুন্দৰী অপেল ছুচাটা ছুৱাংশ্রীয়ে বিজয়ীৰ খিতাপ লাভ কৰে৷ ১০৮খন দেশৰ সুন্দৰীয়ে অংশগ্রহণ কৰা এই প্রতিযোগিতাখনত কালি সন্ধিয়াৰে পৰা বলীউডৰ চেলিব্রিটীৰ বর্ণিল কার্যসূচীৰ মাজত চূড়ান্ত প্রতিযোগী নির্বাচিত কৰা হয়৷ মিছ ৱর্ল্ড শ্বেয়াৰপার্ছন জুলীয়া মর্লিৰ নেতৃত্বৰ জুৰীয়ে শীর্ষ ৮গৰাকী সুন্দৰীৰ মাজৰ পৰা প্রথমে ৪গৰাকীক বাছনি কৰে৷ ইয়াৰ পাছতে চূড়ান্ত বিজয়ীৰ বাবে ৪গৰাকী সুন্দৰীৰ পৰা প্রশ্ণৰ উত্তৰ বিচাৰে৷ এই প্রশ্ণৰ আধাৰতে ৭২সংখ্যক মিছ ৱর্ল্ডৰ খিতাপ থাইলেণ্ডৰ অপেল ছুচাটা ছুৱাংশ্রীয়ে লাভ কৰে৷ দ্বিতীয় স্থান লাভ কৰে মিছ ইথি’পিয়াই৷ তৃতীয় স্থান লাভ কৰে মিছ পোলেণ্ড আৰু চতুর্থ স্থান লাভ কৰে মিছ মার্টিনিকিউৱে৷ উল্লেখ্য যে মিছ ইণ্ডিয়া নন্দিনী গুপ্তাই এইবেলি বিজয়ীৰ খিতাপ লাভ কৰাৰ সম্ভাৱনা থকা বুলি চর্চিত হ’লেও অন্তিম আঠত স্থান লাভ কৰিবলৈ তেওঁ সক্ষম নহ’ল৷ লগে লগে ভাৰতৰ আশা নির্বাপিত হয়৷ উল্লেখ্য যে ৭২ বছৰীয়া মিছ ৱর্ল্ড ইতিহাসত ভাৰতে ৬বাৰ এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৬৬ চনত প্রথমবাৰৰ বাবে ৰীতা ফাৰিয়াই ভাৰতলৈ মিছ ৱর্ল্ডৰ খিতাপ কঢ়িয়াই আনি ইতিহাস গঢ়াৰ পাছত ১৯৯৪ চনত ঐশ্বর্য ৰায়, ১৯৯৭ চনত ডায়েনা হেইডেন, ১৯৯৯ চনত যুক্তামুখী, ২০০০ চনত প্রিয়ংকা চোপ্রা আৰু ২০১৭ চনত মানুষী ছিলাৰে এই সন্মান লাভ কৰিছে৷

You might also like