আদমপুৰত সুৰক্ষিত ‘সুদর্শন চক্র’ এছ-৪০০
🔹 পাকিস্তানৰ দাবী নস্যাৎ ভাৰতৰ
নিউজ ডেস্ক, ১১ মে’ : পাকিস্তানৰ ড্রোন আক্রমণত ভাৰতৰ আদমপুৰস্থিত এছ-৪০০ বায়ু প্রতিৰক্ষা ব্যৱস্থা, নাগ্র’টাত ব্রাহ্ম’ছ মিছাইল ভাণ্ডাৰ ক্ষতিগ্রস্ত হোৱা বুলি দেশখনে চলোৱা প্রচাৰক নস্যাৎ কৰিছে ভাৰতে৷ পাকিস্তানে ড্রোনেৰে আক্রমণ কৰাৰ ফলত আদমপুৰৰ এছ ৪০০ বায়ু প্রতিৰক্ষা ব্যৱস্থা, নাগ্র’টাত ব্রাহ্ম’ছ মিছাইল ভাণ্ডাৰ ক্ষতিগ্রস্ত হোৱা বুলি প্রকাশ কৰা ভিজুৱেল তথ্যক নস্যাৎ কৰাই নহয়, এই তথ্য ভুৱা বুলি উল্লেখ কৰি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা বুলি দাবী কৰে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রালয় আৰু প্রতিৰক্ষা মন্ত্রালয়ে অপাৰেচন সিন্দূৰক লৈ আয়োজিত সংবাদ মেলত পাকিস্তানৰ দাবীক নস্যাৎ কৰি আদমপুৰৰ এছ ৪০০ বায়ু প্রতিৰক্ষা ব্যৱস্থা, নাগ্র’টাত ব্রাহ্ম’ছ মিছাইল ভাণ্ডাৰ সুৰক্ষিত আছে বুলি স্পষ্ট কৰি দিয়ে৷ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ভুৱা অপপ্রচাৰ চলোৱাটো উল্লিখিত ঘটনাটোৱে পুনৰ প্রমাণিত কৰে বুলিও সংবাদ মেলত ঘোষণা কৰে৷ সংবাদ মেলত বৈদেশিক সচিব বিক্রম মিশ্রিয়ে কয় যে পাকিস্তানে চলাই থকা মিছা তথ্য প্রচাৰৰ ইও এটা অংশ৷ দেশখনে আন্তর্জাতিক সম্প্রদায়ক বিপথে পৰিচালিত কৰিবৰ বাবেই ভাৰতৰ বিৰুদ্ধে মিথ্যাচাৰকেই অস্ত্র হিচাপে লৈছে৷ দেশখনে দাবী কৰাৰ দৰে ভাৰতৰ কোনো গুৰুত্বপূর্ণ সামৰিক আন্তঃগাঁথনিৰ ক্ষতি হোৱা নাই৷ বায়ুসেনা ঘাটি, বায়ু প্রতিৰক্ষা ব্যৱস্থা, পাৱাৰগ্রিড, চাইবাৰ নেটৱর্ক আদি সুৰক্ষিত হৈ আছে৷