ৰাজ্যসভালৈ মনোনীত নাৰায়ণ মূৰ্তিৰ পত্নী সুধা মূৰ্তি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ মাৰ্চঃ বিখ্যাত ব্যৱসায়ী তথা ইনফ’ছিছৰ সহঃ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ পত্নী সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনীত কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুধা মূৰ্তিক অভিনন্দন জনাই কয় যে এয়া নাৰী শক্তিৰ এক শক্তিশালী প্ৰমাণ। তেওঁ কয় যে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনীত কৰাত সুখী। সমাজৰ কাম, দান-বৰঙণি আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুধাজীৰ অৱদান অতুলনীয় আৰু প্ৰেৰণাদায়ক। ৰাজ্যসভাত তেওঁৰ উপস্থিতি এক প্ৰমাণ ‘আমাৰ দেশৰ ভাগ্য গঢ় দিয়াত মহিলাৰ শক্তি আৰু সম্ভাৱনাৰ এক শক্তিশালী প্ৰমাণ।’ সুধা মূৰ্তি ইনফ’ছিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষৰ লগতে এগৰাকী শিক্ষয়িত্ৰী আৰু লেখিকা। তেওঁ বহু গ্ৰন্থ ৰচনা কৰিছে। ১৯৫০ চনৰ ১৯ আগষ্টত শিগাঁৱত জন্মগ্ৰহণ কৰিছিল। ১৯৭৮ চনত ইনফ’ছিছৰ সহঃ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ কন্যা অক্ষৰা মূৰ্তি ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ পত্নী। সুধা মূৰ্তিৰ পুত্ৰৰ নাম ৰোহন মূৰ্তি। গেটছ ফাউণ্ডেশ্যনৰ পাব্লিক হেল্থ কেয়াৰ ইনিচিয়েটিভৰ সদস্যও। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ভাৰতীয় মূৰ্তি শাস্ত্ৰীয় পুথিভঁৰাল প্ৰতিষ্ঠা কৰে। ২০০৬ চনত সুধা মূৰ্তিক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। পৰৱৰ্তী সময়ত তেওঁক তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয়।