নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণিল ফুটবল কেৰিয়াৰ সামৰি অৱসৰ ঘোষণা সুনীল চেত্ৰীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মে’ : অৱসৰৰ কথা ঘোষণা কৰিলে ভাৰতীয় ফুটবল দলটোৰ অধিনায়ক সুনীল চেত্রীয়ে৷ ৬ জুনত কুৱেইটৰ বিৰুদ্ধে কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্রীয় মেচ খেলিব কিংবদন্তিগৰাকীয়ে৷ অর্থাৎ ভাৰতীয় ফুটবলৰ মক্কা কলকাতাৰ পৰা তেওঁ ফুটবলৰ পৰা বিদায় ল’বলৈ ওলাইছে৷ আজি ছ’চিয়েল মিডিয়াত ভিডিঅ’ বার্তাযোগে সুনীল চেত্রীয়ে অৱসৰৰ কথা ঘোষণা কৰে৷ আজিৰ দিনটোতে ভাৰতীয় ফুটবল দলটোৰ অধিনায়কগৰাকীয়ে ১৯ বছৰীয়া ফুটবল যাত্রাৰ অন্ত পৰাৰ কথা ঘোষণা কৰে৷ ভিডিঅ’ মেছেজটোত তেওঁ নষ্টালজিক হৈ পৰিল৷ ভাৰতৰ গ’ল মেচিন সুনীল চেত্রীয়ে কেৰিয়াৰৰ প্রথমখন মেচৰ অভিজ্ঞতাৰ কথা ক’লে৷ মহ যিদিনা দেশৰ জার্চি পিন্ধি ভাৰতৰ হৈ খেলিছিলো সেইটো অবিশ্বাস্য অনুভৱ হৈছিল৷ হয়াক শব্দৰে প্রকাশ কৰিব নোৱাৰি৷ কিন্তু তাৰ আগদিনা পুৱা প্রশিক্ষক সুখবিন্দৰ সিঙে আহি মোক খবৰ দিলে যে মই প্রথম একাদশত আছো৷ সেই অনুভৱ কেনেকুৱা আছিল মই বুজাব পৰা নাই৷ ভাৰতীয় দলত মোৰ প্রাৰম্ভিক যাত্রা মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷ মোৰ মতে, অনুৰাগীৰ পৰা আটাইতকৈ বেছি মৰম, প্রশংসা পাইছিলোঁ৷ দেশৰ হৈ খেলাৰ আনন্দ আৰু একে সময়তে অসহ্যকৰ ছাপৰ বিষয়ে বর্ণনা কৰে ভাৰতৰ কিংবদন্তি ফুটবলাৰগৰাকীয়ে৷ তেওঁৰ ভাষাত বিগত ১৯ বছৰত দেশৰ হৈ খেলাৰ অসহ্য ছাপ আৰু আনন্দ সদায় মোৰ লগত আছে৷ ব্যক্তিগতভাৱে মই কেতিয়াও ভৱা নাছিলোঁ যে দেশৰ হৈ ইমানসংখ্যক মেচ খেলিম, ভাল হওঁক বা বেয়া হওঁক ইমানখিনি কৰিব পাৰিম৷ এতিয়া পাইছোঁ৷ সুনীল চেত্রীয়ে লগতে কয় যে মই মোৰ মাক অৱসৰৰ কথা কৈছিলোঁ৷ তাৰ পাছত দেউতাক৷ পুত্রৰ অৱসৰ লোৱাৰ কথাটো তেওঁলোকে স্বাভাৱিকভাৱে লৈছিল৷ প্রতিখন মেচৰ হেঁচা লৈ গেলেৰীত বহি থকা মোৰ পত্নীকো অৱসৰৰ কথাটো কৈছিলোঁ৷ তেওঁলোক আৱেগিক হৈ পৰিছিল৷ কুৱেইটৰ বিপক্ষে খেলিবলগীয়া মেচখন মানসিক ছাপৰ মেচ হ’ব বুলি উল্লেখ কৰি সুনীল চেত্রীয়ে কয় যে সেই মেচখন আমাৰ বাবে অতি গুৰুত্বপূর্ণ৷ মেচখনক লৈ কোনো চাপ অনুভৱ কৰা নাই৷ ১৫–২০ দিনৰ প্রশিক্ষণৰ পিছত কুৱেইটৰ বিৰুদ্ধে কেৰিয়াৰৰ অন্তিমখন মেচ৷ উক্ত মেচখনৰ প্রতিটো মুহূর্ত উপভোগ কৰিবলৈ সাজু আছো৷ উল্লেখ্য যে ২০০৫ চনৰ জুন মাহত পাকিস্তানৰ বিপক্ষে খেলি অভিষেক ঘটোৱা সুনীল চেত্রীয়ে ২০১১ চনত অর্জন বঁটা লাভ কৰাৰ লগতে ২০১৯ চনত পদ্মশ্রী বঁটা লাভ কৰে৷ ইফালে ২০২১ চনত খেলৰত্ন বঁটা লাভ কৰা প্রথমজন ভাৰতীয় ফুটবলাৰ হিচাপে পৰিগণিত হোৱা সুনীল চেত্রীয়ে ১৯ বছৰীয়া আন্তঃৰাষ্ট্রীয় কেৰিয়াৰত ১৫০খন মেচত ভাগ লৈ ৯৪টা গ’ল স্ক’ৰ কৰিছে৷ বর্তমান সক্রিয় ফুটবলাৰৰ ভিতৰত তেওঁ সর্বাধিক আন্তঃৰাষ্ট্রীয় গ’ল স্ক’ৰ কৰা তালিকাৰ তৃতীয় স্থানত আছে৷ সক্রিয় ফুটবলাৰ হিচাপে সর্বাধিক গ’ল কৰাৰ তালিকাৰ শীর্ষস্থানত আছে পর্তুগালৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো (১২৮) আৰু দ্বিতীয় স্থানত আছে আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছি (১০৬)৷ সুনীল চেত্রীৰ অৱসৰৰ লগে লগে ভাৰতীয় ফুটবলৰ এক গৌৰৱময় অধ্যায়ৰ অন্ত পৰিল৷

You might also like