মহাকাশত সুনীতাৰ ১৬সংখ্যক নৱবর্ষ পালন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জানুৱাৰীঃ মহাকাশলৈ মাত্র কেইটামান দিনৰ বাবে গৈ যানৰ বিজুতিৰ বাবে দীর্ঘসময় ধৰি আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)ত আবদ্ধ হৈ পৰা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে এক বিৰল অভিলেখ গঢ়িবলৈ ওলাইছে৷ ২০২৪ বর্ষটো কেলেণ্ডাৰৰ পাতত অতীত হ’ল৷ এই বিৰল ক্ষণৰ বাবেই মহাকাশত ১৬বাৰ ধৰি নৱবর্ষ প্রত্যক্ষ কৰাৰ অভিলেখ গঢ়িব সুনীতা উইলিয়ামছে৷ অকল সুনীতা উইলিয়ামছেই নহয়, মহাকাশত অভিযান চলাই থকা ‘৭২ অভিযানকাৰী গোট’ৰ নভচৰসকলে মহাকাশত ১৬টা নৱবর্ষৰ সূর্যোদয় আৰু সূর্যাস্ত প্রত্যক্ষ কৰাৰ অভিজ্ঞতা লাভ কৰিব৷ সুনীতা উইলিয়ামছ আৰু ৭২ অভিযানকাৰী গোটৰ মহাকাশচাৰীসকল বর্তমান পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথৰ আইএছএছতে আছে৷ স্মর্তব্য যে যোৱা জুন মাহৰ পৰা আইএছএছত আবদ্ধ হৈ আছে সুনীতা উইলিয়ামছ৷ তাত থকা মহাকাশচাৰীসকলৰ মাজত কমাণ্ডাৰৰ দায়িত্ব পালন কৰি আছে ভাৰতীয় মূলৰ সুনীতাই৷ স্মর্তব্য যে ব’য়িঙৰ ষ্টাৰলাইনাৰ যানেৰে মাত্র আঠদিনীয়া অভিযানৰ বাবে আইএছএছলৈ যাত্রা কৰিছিল সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলম’ৰে৷ কিন্তু ষ্টাৰলাইনাৰৰ পৰা হিলিয়াম গেছ নির্গত হোৱাৰ পাছতেই মহাকাশৰ পৰা সুনীতা তথা উইলম’ৰৰ পৃথিৱীলৈ প্রত্যাৱর্তনৰ সময়সূচীত বিলম্ব ঘটে৷ এতিয়াও নিশ্চিত হোৱা নাই সুনীতা উইলিয়ামছে কেতিয়া পৃথিৱীলৈ উভতি আহিব৷ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি সুনীতা উইলিয়ামছক মহাকাশৰ পৰা পৃথিৱীলৈ আগন্তুক মার্চ মাহত ওভতাই অনাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে দীর্ঘসময় ধৰি মহাকাশ গৱেষণাত নিয়োজিত সুনীতা উইলিয়ামছে ইয়াৰ পূর্বে মহাশূন্যতেই পালন কৰিছে ১৫টা নৱবর্ষ৷ এইবাৰ ১৬সংখ্যক নৱবর্ষ আইএছএছত পালন কৰি নজিৰ গঢ়িবলৈ ওলাইছে সুনীতাই৷ লক্ষণীয়ভাৱে আইএছএছে পৃথিৱীৰ কক্ষপথত প্রতি ৯০ মিনিটৰ মূৰে মূৰে প্রদক্ষিণ কৰি আছে৷ সেই দিশৰ পৰা চাবলৈ গ’লে প্রতি ৯০ মিনিটৰ ভিতৰত আইএছএছে দিন–ৰাতিৰ ক্ষণ হিচাব কৰিবলগীয়া হয়৷ স্মর্তব্য যে এইবাৰ আইএছএছত সুনীতাসহ মহাকাশচাৰীসকলে পৃথিৱীৰ পৰা প্রেৰণ কৰা বিশেষ খাদ্য গ্রহণ কৰিব নৱবর্ষৰ অনুষ্ঠানত৷ অকল সেয়াই নহয়, এই নৱবর্ষৰ অনুষ্ঠানত সুনীতাসহ মহাকাশচাৰীসকলে তেওঁলোকৰ পৰিয়াল আৰু নিকট আত্মীয়ৰ সৈতে ভিডিঅ’ কলৰ জৰিয়তে সম্পর্ক স্থাপন কৰিব৷ দীর্ঘদিনীয়া অভিযানৰ বর্ণনা আগবঢ়াব পৰিয়ালৰ সদস্যসকলৰ আগত৷