নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রত সূর্যোদয় : আজি টোপনিৰ পৰা সাৰ পাব লেণ্ডাৰ বিক্রম–প্রজ্ঞান

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : আজি চন্দ্রত সূর্যোদয়৷ সূর্যৰ ৰশ্মিয়ে চন্দ্রৰ দক্ষিণ মেৰু উজলাই তোলাৰ লগে লগে ‘নিদ্রা’ৰ পৰা সাৰ পাব বিক্রম আৰু প্রজ্ঞানে৷ যোৱা ২৩ আগষ্টত চন্দ্রৰ দক্ষিণ মেৰুত ইতিহাস সৃষ্টিৰে বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতে লেণ্ডাৰ বিক্রম সফলতাৰে অৱতৰণ কৰোৱাৰ পিছত ১৪ দিন ধৰি বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞান সক্রিয় হৈ আছিল৷ ২৩ আগষ্টত চন্দ্রত পুৱা বিক্রম লেণ্ডাৰে অৱতৰণ কৰাৰ কেইঘণ্টামান পিছত ৰ’ভাৰ প্রজ্ঞানে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত পদার্পণ কৰে৷ ১৪ দিন ধৰি চন্দ্রৰ মাটিত বিচৰণ কৰি প্রজ্ঞানে জোনবাইৰ অনেক অজানা তথ্য সংগ্রহ কৰি পৃথিৱীলৈ প্রেৰণ কৰে৷ সূর্যৰ ৰশ্মিৰে চন্দ্র এদিন পোহৰ হৈ থাকে আৰু এদিন আন্ধাৰ হৈ থাকে৷ চন্দ্রৰ এই এদিন পৃথিৱীৰ বাবে ১৪ দিন৷ এনে পৰিপ্রেক্ষিততে ২৩ আগষ্টত অৱতৰণ কৰা বিক্রম আৰু প্রজ্ঞানে চন্দ্রৰ বুকুত চন্দ্রৰ মতে এদিন আৰু পৃথিৱীৰ মতে ১৪ দিন সক্রিয় হৈ থাকি মহাকাশ বিজ্ঞানক নতুন গতি দিয়া অনেক অজানা তথ্য সংগ্রহ কৰে৷ ইয়াৰ পিছতে সূর্য অস্ত যায়, বিক্রম আৰু প্রজ্ঞান নিদ্রাত পৰে৷ অর্থাৎ বিজ্ঞানৰ ভাষাত বিক্রম আৰু প্রজ্ঞান নিষ্ক্রিয় হয়৷ আজি চন্দ্রত সূর্যোদয় হ’ব৷ সূর্যৰ পোহৰে দক্ষিণ মেৰুপৃষ্ঠ উজলাই তোলাৰ লগে লগে বিক্রম আৰু প্রজ্ঞান নিদ্রাৰ পৰা সাৰ পাব৷ অর্থাৎ ই পুনৰ সক্রিয় হৈ উঠিব বুলি প্রচণ্ড আত্মবিশ্বাসী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো৷ নিষ্ক্রিয় হৈ থকা বিক্রম আৰু প্রজ্ঞানক চন্দ্রত সূর্যোদয়ৰ লগে লগে সক্রিয় কৰি তুলিবলৈ ইতিমধ্যে ইছৰো তৎপৰ হৈ উঠিছে৷ ইছৰোৱে আশা কৰা মতে, যদি বিক্রম আৰু প্রজ্ঞান সক্রিয় হৈ উঠে, তেতিয়াহ’লে চন্দ্রপৃষ্ঠত ইছৰোৱে আন এক অভিলেখ গঢ়িব৷ পৰৱর্তী ১৪ দিন ধৰি বিক্রম আৰু প্রজ্ঞানে নতুন নতুন তথ্য সংগ্রহ কৰি মহাকাশ গৱেষণাত, বিশেষকৈ চন্দ্রৰ গৱেষণাত অৰিহণা যোগাব৷ বিক্রম অৱতৰণ কৰা স্থলীৰ নাম শিৱশক্তি হিচাপে ঘোষণা কৰা হৈছে৷ এই শিৱশক্তিতে আজি সূর্যোদয়ৰ লগে লগে বিক্রম আৰু প্রজ্ঞান পুনৰ সক্রিয় হোৱাৰ সম্ভাৱনা প্রচুৰ বুলি প্রকাশ কৰিছে ইছৰোৰ এছ সোমনাথে৷ কালিৰে পৰা বিক্রম আৰু প্রজ্ঞানক সক্রিয় কৰি তোলাৰ প্রচেষ্টা আৰম্ভ কৰে ইছৰোৱে৷ লক্ষণীয় যে চন্দ্রত সূর্য অস্ত যোৱাৰ সময়তে বিক্রম আৰু প্রজ্ঞানক পর্যায়ক্রমে নিদ্রালৈ ঠেলি দিয়া হৈছে৷ ২ ছেপ্টেম্বৰত সেই প্রক্রিয়া আৰম্ভ হৈছিল৷ তাৎপর্যপূর্ণ যে বিক্রম আৰু প্রজ্ঞানৰ বেটাৰীসমূহ সূর্যৰ ৰশ্মিৰ দ্বাৰা চালিত৷ এনে ক্ষেত্রত সূর্যোদয়ৰ লগে লগে এই বেটাৰী পুনৰ চার্জ হৈ উঠাৰ আশা কৰিছে ইছৰোৱে৷ মাইনাছ ২০০ ডিগ্রী চেলছিয়াছৰ পৰা সূর্যোদয়ৰ লগে লগে পুনৰ বিক্রম আৰু প্রজ্ঞান সক্রিয় হোৱাৰ বাবে ইছৰোৱে প্রয়োজনীয় কৌশল প্রয়োগ কৰিছে৷ পৰিকল্পনা মতে যদি বিক্রম আৰু প্রজ্ঞান সক্রিয় হৈ উঠে, তেতিয়াহ’লে প্রজ্ঞানে চন্দ্রপৃষ্ঠত পুনৰ বিচৰণ আৰম্ভ কৰিব আৰু ই নতুন নতুন তথ্য সংগ্রহ কৰি পৃথিৱীলৈ প্রেৰণ কৰিব৷ ই হ’ব ভাৰতৰ চন্দ্রযান–৩ অভিযানৰ আন এক বৃহৎ সফলতা৷

You might also like