নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী বণ্ডৰ নতুন তথ্য মুকলি নির্বাচন আয়োগৰ

🔹 ছুপ্রিম ক’ৰ্টৰ নির্দেশ

বিশেষ বাৰ্তা, ১৮ মার্চ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নির্দেশৰ পাছত নির্বাচন আয়োগে নির্বাচনী বণ্ডৰ নতুন তথ্য ৰাজহুৱা কৰিলে৷ সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে ভাৰতীয় ষ্টেট বেংকে ১২ মার্চত দাখিল কৰা নির্বাচনী বণ্ডৰ তথ্য নির্বাচন আয়োগে ১৪ মার্চৰ সন্ধিয়া ৰাজহুৱা কৰে যদিও এই তথ্য অসম্পূর্ণ আছিল৷ উচ্চতম ন্যায়ালয়ে এই অসম্পূর্ণ তথ্য এছবিআয়ে নির্বাচন আয়োগক দাখিল কৰাৰ বাবে খর্গহস্ত হৈ পুনৰ নতুন পূর্ণাংগ তথ্য দাখিলৰ নির্দেশ দিয়ে৷ সেইমর্মে এছবিআয়ে দাখিল কৰা পূর্ণাংগ তথ্য কালি নির্বাচন আয়োগে ৰাজহুৱা কৰিছে৷ নির্বাচনী বণ্ডৰ নম্বৰ নোহোৱাকৈ দাখিল কৰা তথ্যই বিভ্রান্তিৰ সৃষ্টি কৰিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে সকীয়নি দিয়াৰ পাছত এছবিআয়ে নম্বৰসহ তথ্য দাখিল কৰে৷ নির্বাচন আয়োগে কালি ৰাজহুৱা কৰা নতুন তথ্য অনুসৰি কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে সর্বাধিক ৬,৯৮৬.৫ কোটি টকা লাভ কৰিছে৷ ইয়াৰে ভিতৰত ২০১৯–২০ চনতে বিজেপিয়ে লাভ কৰিছে ২,৫৫৫ কোটি টকা৷ আয়োগে ৰাজহুৱা কৰা তথ্যত নির্বাচনী বণ্ডৰ জৰিয়তে বৰঙণি লাভ কৰা দলৰ দ্বিতীয় স্থানত আছে টিএমচি৷ দলটোৱে ১,৩৯৭ কোটি টকা লাভ কৰিছে৷ শতিকা পুৰণি দেশৰ প্রধান বিৰোধী দল কংগ্রেছে লাভ কৰিছে ১,৩৩৪.৩৫ কোটি টকা৷ তেলেংগানাৰ ভাৰত ৰাষ্ট্র সমিতি চমুকৈ বিআৰএছে লাভ কৰিছে ১,৩২২ কোটি টকা৷ আনহাতে, বিজেডি ৯৪৪.৫ কোটি টকা, ৱাইএছআৰ কংগ্রেছ ৪৪২.৮ কোটি টকা, টিডিপি ১৮১.৩৫ কোটি টকা, এছপি ১৪.০৫ কোটি টকা, আকালি দল ৭.২৬ কোটি টকা, এআইএডিএমকে ৬.০৫ কোটি টকা আৰু নেচনেল কনফাৰেঞ্চে লাভ কৰিছে ৫০ লাখ টকা৷ লক্ষণীয় যে নির্বাচন আয়োগে ৰাজহুৱা কৰা নির্বাচনী বণ্ডৰ তথ্যত বহুজন সমাজপার্টী, চিপিআই, চিপিআই(এম) আদি দলে এটকাও লাভ কৰা নাই৷ উল্লেখ্য যে ২০১৯ চনৰ ১২ এপ্রিলৰ পৰা ২০২৩ চনৰ ২ নৱেম্বৰলৈকে নির্বাচনী বণ্ডৰ তথ্য দাখিল কৰা হৈছিল৷

You might also like