নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমলিংগ বিবাহত আইনী বৈধতা খাৰিজ ছুপ্রিম ক’ৰ্টৰ

🔹 মুখ্য ন্যায়াধীশ চন্দ্রচূড়ৰ নেতৃত্বত সাংবিধানিক বিচাৰপীঠৰ ৰায়

বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : বহুচর্চিত সমলিংগ বিবাহক লৈ বহু প্রতীক্ষিত ৰায় দিলে উচ্চতম ন্যায়ালয়ে৷ সমলিংগ বিবাহক আইনী বৈধতা দিবলৈ অসন্মতি প্রকাশ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কালি সমলিংগ বিবাহক লৈ চলি থকা বিতর্কৰ অৱসান ঘটালে৷ অর্থাৎ সমলিংগ বিবাহ আইনী বৈধতাৰ পৰা বঞ্চিত হ’ল৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে সমলিংগ বিবাহক লৈ বহু প্রতীক্ষিত ৰায়দান কৰি সমলিংগ বিবাহৰ আইনী বৈধতা বিচৰা আবেদনক খাৰিজ কৰে৷ সমলিংগ বিবাহৰ আইনী বৈধতাক খাৰিজ কৰাৰ লগতে পাঁচজনীয়া বিচাৰপীঠে এই সন্দর্ভত কেন্দ্র আৰু ৰাজ্যসমূহে সিদ্ধান্ত ল’ব বুলিও ৰায়ত উল্লেখ কৰিছে৷ সমলিংগ বিবাহত জড়িত বিচিত্র দম্পতী যাতে যৌনতাৰ আধাৰত বৈষম্যৰ বলি নহয়, তাৰ বাবেও কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহক গুৰুত্ব দিবলৈ পৰামর্শ দিয়ে৷ বিচাৰপীঠে কয় যে আইনে সমলিংগ বিবাহৰ কাৰণে অধিকাৰক স্বীকৃতি নিদিয়ে৷ এনে ক্ষেত্রত এই সন্দর্ভত আইন প্রস্তুত কৰিব পাৰে সংসদে৷ কিয়নো আদালতে আইন প্রস্তুত কৰিব নোৱাৰে৷ আদালতে কেৱল আইন ব্যাখ্যা আৰু বলৱৎ কৰিব পাৰে৷ দেশত চলি থকা বিশেষ বিবাহ আইনখন সলনি কৰিব পৰা সিদ্ধান্ত সংসদৰ আছে৷ আদালতে আইন প্রণয়নৰ ক্ষেত্রত প্রৱেশ কৰিব নোখোজে৷ বিচাৰপীঠৰ নেতৃত্বত থকা মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয়– যদি বিশেষ বিবাহ আইন ভংগ কৰা হয়, তেতিয়া হ’লে দেশক প্রাক স্বাধীনতাৰ যুগলৈ নিয়া হ’ব৷ যদি আদালতে দ্বিতীয় দৃষ্টিকোণ লয় আৰু বিশেষ বিবাহ আইনৰ শব্দক পাঠ কৰে, তেতিয়াহ’লে আদালতে সংসদৰ ভূমিকা লোৱা হ’ব৷ আদালতে এইক্ষেত্রত এনেধৰণৰ অনুশীলন নকৰে৷ তদুপৰি বিচাৰপীঠে বিচিত্র দম্পতীয়ে তেওঁলোকৰ মৌলিক অধিকাৰ উলংঘন কৰাটো উচিত নহয় বুলিও কয়৷ সংবিধানৰ অনুচ্ছেদ–১৫ উলংঘন কৰি বিচিত্র দম্পতীয়ে সন্তান তুলি লোৱাৰ অধিকাৰ নাই বুলিও কয় বিচাৰপীঠে৷ সমলিংগ বিবাহক লৈ পাঁচজনীয়া বিচাৰপীঠে আজি ৩–২ মতত বহু প্রতীক্ষিত ৰায়দান কৰি বিগত দশক ধৰি চলি থকা এক বিতর্কৰ অৱসান ঘটালে৷ পাঁচজনীয়া বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্রচূড়ৰ লগতে ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ ৰবীন্দ্র ভাট, ন্যায়াধীশ হিমা কোহলি আৰু ন্যায়াধীশ পি এছ নৰসিমহা আছে৷ উল্লেখনীয় যে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে সমলিংগ বিবাহৰ বৈধতা প্রদানৰ আবেদনৰ শুনানি গ্রহণ কৰি যোৱা ১১ মে’ত ৰায় সংৰক্ষিত কৰি ৰাখিছিল৷ কালি এক ৰায়যোগে সমলিংগ বিবাহক আইনী বৈধতা প্রদানত অনুমোদন নজনোৱা ৰায়ে দেশজুৰি মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি আৰু প্রশংসা কৰি এই ৰায়ে দেশৰ সভ্যতা–সংস্কৃতিৰ দিশটোক সঠিক দিশেৰে আগবঢ়াই লৈ যাব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ আনপিনে, সমলিংগ বিবাহক সমর্থন কৰা বলীউডৰ চেলিব্রেটীৰ লগতে বিভিন্ন সংগঠনে এই ৰায়ক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে৷

You might also like