কুনোত তেজছৰ পিছত সুৰজৰ মৃত্যু
বিশেষ বাৰ্তা, ১৪ জুলাই : মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হ’ল আফ্ৰিকাৰ পৰা অনা আন এটা চিতাৰ। ইয়াৰ লগে লগে ভাৰতত যোৱা চাৰি মাহত আঠটা চিতাৰ মৃত্যু হয়। মৃত চিতাবাঘটোৰ নাম সুৰজ বুলি জনা যায়। শুকুৰবাৰে পুৱা কুনোৰ এখন হাবিত মৃত অৱস্থাত উদ্ধাৰ হয় সুৰজ। সুৰজৰ মৃত্যুৰ সঠিক কাৰণ জানিবলৈ চেষ্টা চলাই আছে বনকৰ্মীসকলে। উল্লেখ্য যে আফ্ৰিকাৰ পৰা অনা সপ্তমটো চিতা তেজছৰ যোৱা মঙলবাৰে মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছিল যে চিতাটো ভিতৰৰ পৰা দুৰ্বল হৈ পৰিছিল। কিছুদিন আগতে হাবিত আন এটা চিতাৰ লগত কাজিয়া হৈছিল। সেই সময়ত শৰীৰত একাধিক আঘাত পায়। ফলত শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে। অৱশেষক মৃত্যু হয় তেজছৰ।