নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূৰ্যকুমাৰৰ অলৌকিক কেচক লৈ হুলস্থূল পাকিস্তানী মিডিয়াত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুলাইঃ টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেষ অভাৰৰ প্ৰথমটো বলত এক অসাধাৰণ কেচ ধৰিছিল সূৰ্যকুমাৰে। লং অফত ফিল্ডিং কৰি থকা সূৰ্যকুমাৰ যাদৱে আচৰিত ধৰণৰ কেচ লৈ ট্ৰফী ভাৰতৰ ফাললৈ আনিছিল। এনে লাগিছিল যেন সূৰ্য্যই কেচ নহয় বিশ্বকাপহে ধৰিছিল। সূৰ্যকুমাৰ যাদৱৰ এই অলৌকিকতাক সমগ্ৰ বিশ্বই চেলুট দিছে যদিও পাকিস্তানী একাংশ সংবাদ মাধ্যমে ইয়াক লৈ অপ্ৰয়োজনীয় বিতৰ্কৰ সৃষ্টি কৰিছে। পাকিস্তানৰ একাংশ চেনেলৰ ক্ৰিকেট বিশেষজ্ঞই দাবী কৰিছে যে যেতিয়া সূৰ্যকুমাৰ যাদৱে কেচটো লৈছিল তেতিয়া তেওঁৰ ভৰিখনে ইতিমধ্যে বাউণ্ডেৰী স্পৰ্শ কৰিছিল। ফাইনেলত সূৰ্য্যকুমাৰ যাদৱৰ কেচক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈ শ্বান পলকে। আটাইতকৈ আমোদজনক কথাটো হ’ল যেতিয়া সূৰ্য্যই এই কেচটো লৈছিল তেতিয়া পলকে কমেণ্ট কৰি আছিল আৰু তেওঁৰ ঠিক ওচৰত আছিল। অৰ্থাৎ সূৰ্য্যৰ এই অলৌকিক কেচটো শ্বান পলকৰ দৰে ওচৰৰ পৰা আন কোনোৱে দেখা নাছিল। সূৰ্য্যকুমাৰ যাদৱৰ কেচক লৈ বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা পাকিস্তানী সংবাদ মাধ্যমক উপযুক্ত উত্তৰ দিছে শ্বান পলকে। তেওঁ কয় যে কেচটো বৰ ভাল আছিল। বাউণ্ডেৰী ৰছী লৰচৰ কৰা নাছিল। ক্ৰীড়াত এনেকুৱা হয়, সূৰ্য্যৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাছিল। তেওঁ লাইন স্পৰ্শ কৰা নাছিল। শেষৰ অভাৰত অলৌকিক কেচ লৈ চাঞ্চল্যৰ সৃষ্টি কৰে সূৰ্যকুমাৰ যাদৱে। দক্ষিণ আফ্ৰিকাৰ তাৰকা বেটছমেন ডেভিদ মিলাৰে হাৰ্দিক পাণ্ডিয়াৰ বলত লং অফৰ ফালে এৰিয়েল শ্বট খেলে। এনে লাগিছিল যেন বলটো সীমাৰ বাহিৰলৈ যাব, কিন্তু সূৰ্য্যই ছুপাৰমেনৰ ষ্টাইলত কেচটো লৈ ১৪০ কোটি ভাৰতীয় অনুৰাগীৰ হৃদয় সুখী কৰি তুলিছিল।

You might also like