প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ ওপৰত সন্দেহজনক ড্ৰ’ন
বিশেষ বাৰ্তা, ৩ জুলাই : আজি পুৱা নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ন’ ফ্লাইং জ’নত থকা বাসগৃহৰ ওপৰত এখন ড্ৰ’ন উৰি থকা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ফোন লাভ কৰে। পুৱা প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীক সুৰক্ষা প্ৰদান কৰা অভিজাত বাহিনীৰ বিশেষ সুৰক্ষা গোটৰ বিষয়াসকলে ড্ৰ’ন দেখাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। সতৰ্ক হোৱাৰ পিছতে দিল্লী আৰক্ষীয়ে ড্ৰ’নখনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰে। দিল্লী আৰক্ষীয়ে এক বিবৃতিত এইদৰে কয়- “প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত এক অচিনাক্ত উৰণীয়া বস্তুৰ বিষয়ে তথ্য লাভ কৰা হৈছিল। ওচৰৰ অঞ্চলত পুংখানুপুংখভাৱে অনুসন্ধান কৰা হৈছিল যদিও তেনে কোনো বস্তু ধৰা পৰা নাই। বিমান পৰিবহণ নিয়ন্ত্ৰণ কক্ষ (এটিচি)ৰ সৈতেও যোগাযোগ কৰা হৈছিল। কোনো উৰণীয়া বস্তু ধৰা পৰা নাছিল প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত।”