নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাহাউৰ ৰাণাক প্রতিদিনে ১০ ঘণ্টাকৈ জেৰা কৰিছে ‘নিয়া’ই

🔹 ২৬/১১ সন্ত্রাসবাদী কাণ্ডৰ মূল ষড়যন্ত্রকাৰীৰ ৫বাৰকৈ নামাজ আদায়

নিউজ ডেস্ক, ১৭ এপ্রিল : ২৬/১১ৰ মুম্বাই সন্ত্রাসবাদী কাণ্ডৰ মূল ষড়যন্ত্রকাৰী তাহাউৰ ৰাণাক আমেৰিকাই ভাৰতলৈ প্রত্যর্পণ কৰাৰ পাছত ৰাণাৰ বর্তমান ঠিকনা হৈছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ৰ মুখ্য কার্যালয়ৰ এটা সৰু কুঠৰী৷ বর্তমান ‘নিয়া’ৰ জিম্মাত আছে তাহাউৰ ৰাণা৷ ২৪ ঘণ্টা কঠোৰ নজৰদাৰীত থকা ৰাণাক প্রতিদিনে ৮ৰ পৰা ১০ ঘণ্টাকৈ জেৰা কৰিছে ‘নিয়া’ৰ বিষয়াসকলে৷ সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি জেৰাৰ মাজতো কাগজ–কলম লৈ তাহাউৰ ৰাণাই বিভিন্ন কথা লিপিবদ্ধ কৰি গৈছে৷ ইয়াৰ উপৰি প্রতিদিনে পাঁচবাৰকৈ নামাজ পঢ়িছে এই কুখ্যাত সন্ত্রাসবাদীয়ে৷ স্মর্তব্য যে আদালতত হাজিৰ কৰোৱাৰ সময়ত ৰাণাই কাগজ–কলম আৰু কোৰান বিচাৰিছিল৷ সেই অনুসৰি ৰাণাক বিচৰা তিনিওপদ বস্তু ‘নিয়া’ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে৷ লক্ষণীয়ভাৱে ‘নিয়া’ৰ জিম্মাত ৰাণাই কি তথ্য সদৰী কৰিছে সেয়া তদন্তকাৰী সংস্থাটোৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা হোৱা নাই৷ সূত্রই সদৰী কৰা অনুসৰি বহু বিস্ফোৰক তথ্য ৰাণাই ‘নিয়া’ৰ বিষয়াসকলৰ আগত সদৰী কৰিছে৷

You might also like