বিশেষ বিমানেৰে ভাৰতলৈ সন্ত্রাসবাদী তাহাউৰ ৰাণা
🔹 ২৬/১১ৰ ভয়ংকৰ মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী
নিউজ ডেস্ক, ১০ এপ্রিল : অৱশেষত ২৬/১১ৰ মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী পাকিস্তানী–কানাডাৰ নাগৰিক তাহাউৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্রত্যর্পণ কৰা হ’ল৷ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা, চমুকৈ ‘নিয়া’ই বিশেষ বিমানেৰে কুখ্যাত সন্ত্রাসবাদীটোক লৈ ভাৰতলৈ যাত্রা আৰম্ভ কৰে৷ কুখ্যাত সন্ত্রাসবাদী ৰাণাক লৈ ‘নিয়া’ৰ বিশেষ বিমান ক’ত অৱতৰণ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও মুম্বাই আৰু দিল্লীত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ দিল্লী আৰু মুম্বাইৰ কাৰাগাৰসমূহতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ ২৬/১১ মুম্বাই ভয়াৱহ সন্ত্রাসবাদী আক্রমণৰ মূল ষড়যন্ত্রকাৰী তাহাউৰ ৰাণাক ভাৰতলৈ প্রত্যপর্ণৰ সিদ্ধান্ত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে গ্রহণ কৰাৰ পিছতে সন্ত্রাসবাদী ৰাণাই মার্কিন উচ্চতম ন্যায়ালয়ত প্রত্যর্পণৰ বিৰুদ্ধাচৰণেৰে আবেদন জনায় যদিও সেই আবেদন খাৰিজ কৰে৷ আবেদন খাৰিজ কৰাৰ পিছতে ‘নিয়া’ই সন্ত্রাসবাদী ৰাণাক নিজৰ জিম্মাত লৈ বিশেষ বিমানেৰে আমেৰিকাৰ পৰা ভাৰতলৈ উৰা মাৰে৷ ভাৰতৰ ভূমিত অৱতৰণ কৰাৰ পূর্বে সন্ত্রাসবাদী ৰাণাক কঢ়িওৱা বিমানখন কিছু সময়ৰ বাবে জার্মানীত অৱতৰণ কৰাৰ কথা ৷ ইয়াতে বিমানখনত ইন্ধন ভৰাই লৈ ভাৰতলৈ পুনৰ যাত্রা৷ মন কৰিবলগীয়া যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অলপতে আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণৰ সময়ত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে বৈঠকত সন্ত্রাসবাদী ৰাণাৰ প্রত্যর্পণৰ বিষয়টো নিশ্চিত হয়৷ ৰাষ্ট্রপতি ট্রাম্পে সন্ত্রাসবাদী ৰাণাক ভাৰতলৈ প্রত্যর্পণৰ নিশ্চিতি দিয়ে৷ সন্ত্রাসবাদী ৰাণাক ভাৰতলৈ প্রত্যর্পণৰ সন্ত্রাসবাদী যুঁজখনত ভাৰতৰ কূটনৈতিক বিজয় বুলিও চর্চিত হৈছে৷