মুম্বাই আক্রমণৰ ষড়যন্ত্রকাৰী তাহাউৰক ভাৰতলৈ প্রত্যর্পণৰ নির্দেশ
🔹 ভাৰতৰ বৃহৎ কূটনৈতিক জয়
নিউজ ডেস্ক, ২৭ জানুৱাৰী : ২৬/১১ৰ মুম্বাই আক্রমণৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতৰ হাতত গতাই দিয়াৰ অনুমতি দিলে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে৷ ২০০৮ চনত মুম্বাইত সন্ত্রাসবাদী আক্রমণত তাহাউৰ ৰাণাও এজন ষড়যন্ত্রকাৰী হিচাপে চিহ্ণিত হৈছে৷ ভাৰতীয় চোৰাংচোৱাই ইতিমধ্যে ৰাণাক মুম্বাইৰ নৰমেধৰ অন্যতম ষড়যন্ত্রকাৰী বুলি অভিহিত কৰিছে৷ ইয়াৰ পিছৰে পৰা পাকিস্তানী বংশোদ্ভৱ কানাডাৰ ব্যৱসায়ী তাহাউৰ ৰাণাক ভাৰতলৈ অনাৰ চেষ্টা চলাই আহিছে দেশৰ নিৰাপত্তা সংস্থাসমূহে৷ দীর্ঘ কেইবাবছৰো ধৰি ৰাণাক ভাৰতলৈ অনাৰ বাবে চেষ্টা চলাই আহিছে চোৰাংচোৱা তথা নিৰাপত্তা সংস্থাসমূহৰ উপৰি দেশৰ চৰকাৰে৷ এইক্ষেত্রত আমেৰিকায়ো ৰাণাক ভাৰতৰ হাতত প্রত্যর্পণৰ বাবে সেউজ সংকেত দি আহিছে৷ প্রথমতে আইনী প্রক্রিয়াৰ বাবে ৰাণাক ভাৰতলৈ প্রত্যর্পণৰ ক্ষেত্রত বিলম্ব ঘটিছিল৷ প্রথমতে নিম্ন আদালত, তাৰ পিছত ৱাশ্বিংটনৰ প্রাদেশিক আদালতত প্রত্যর্পণৰ বিৰুদ্ধে আবেদন জনায় ৰাণাই৷ কিন্তু এই আদালতসমূহে সকাহ দিয়া নাই তাহাউৰ ৰাণাক৷ ছান ফ্রান্সিছকোৰ আপীল আদালততো প্রত্যর্পণৰ পক্ষেই বিচাৰপতিয়ে ৰায়দান কৰিছিল৷ এইবাৰ আমেৰিকাৰ শীর্ষ আদালতেও ৰাণাক ভাৰতৰ হাতত প্রত্যর্পণৰ বাবে অনুমতি দিছে৷ এয়া ভাৰতৰ বাবে বৃহৎ কূটনৈতিক জয় হিচাপে চিহ্ণিত হৈছে৷ মুম্বাই আক্রমণৰ অন্যতম অভিযুক্ত ডেভিদ কোলমান হেডলীৰ সংগী ৰাণাক জিম্মাত পোৱাৰ বাবে প্রায় ডেৰ দশক পূর্বে ৱাশ্বিংটনৰ ওচৰত প্রতিবেদন জনাইছিল নতুন দিল্লীয়ে৷ কিন্তু তাত কোনোধৰণৰ ইতিবাচক সঁহাৰি পোৱা নাছিল ভাৰতে৷ বৰঞ্চ পৰৱর্তী সময়ত জামিনত মুক্তি লাভ কৰে ৰাণাই৷ লক্ষণীয়ভাৱে ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা অহা ১০ লস্কৰ–ই–তৈবা সন্ত্রাসবাদীৰ মুম্বাইত আক্রমণৰ পৰিকল্পনাত ৰাণা প্রত্যক্ষভাৱে জড়িত আছিল বুলি অভিযোগ কৰি আহিছে ভাৰতে৷ পৰৱর্তী সময়ত দ্বিপাক্ষিক বন্দী প্রত্যর্পণ চুক্তি অনুসৰি ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ ওভতাই অনাৰ চেষ্টা চলোৱা হৈছিল৷ ২০২০ চনৰ জুন মাহত মুম্বাইৰ কূটাঘাতৰ গোচৰত পুনৰ ৰাণাক গ্রেপ্তাৰ কৰে আমেৰিকাৰ আৰক্ষীয়ে৷ কেলিফ’র্নিয়াৰ এখন আদালতত ৰাণাৰ তৰফৰ পৰা জামিনৰ আবেদন জনোৱা হৈছিল যদিও এয়া খাৰিজ হৈ গৈছিল৷ ফলত ৰাণাৰ প্রত্যর্পণৰ পথ প্রশস্ত হৈ পৰে৷ ২০০৮ চনৰ নৱেম্বৰ মাহত এই সন্ত্রাসবাদীৰ আক্রমণত শতাধিক লোকৰ মৃত্যু হৈছিল মুম্বাইত৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৬গৰাকী মার্কিন নাগৰিকো আছিল৷ লক্ষণীয়ভাৱে ইতিমধ্যে এই আক্রমণৰ ঘটনাত ৰাণা জড়িত বুলি ঘোষণা কৰাৰ উপৰি পাকিস্তানী বংশোদ্ভৱ কানাডিয়ান নাগৰিকগৰাকীক দোষীও সাব্যস্ত কৰিছে ভাৰতৰ আদালতে৷ বর্তমান আমেৰিকাৰ লছ এঞ্জেলছৰ এখন কাৰাগাৰত বন্দী হৈ আছে ৰাণা৷ মার্কিন প্রশাসনে ৰাণাক ভাৰতৰ হাতত তুলি দিবলৈ ৰাজী হৈছে৷ কিন্তু আইনী পথ গ্রহণ কৰি বাৰে বাৰে প্রত্যর্পণৰ পৰা সাৰি যোৱাৰ চেষ্টা চলাইছে মুম্বাই আক্রমণৰ অভিযুক্তই৷ শেহতীয়াকৈ মার্কিন শীর্ষ আদালতে ৰাণাৰ শেষ সুযোগত প্রতিৰোধ লগাই দিয়াৰ লগে লগে মুম্বাই আক্রমণৰ অন্যতম ষড়যন্ত্রকাৰীক দেশখনৰ প্রশাসনে ভাৰতৰ হাতত প্রত্যর্পণ কৰাৰ পথ মুকলি হৈ পৰিছে৷