নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ শিক্ষা বন্ধ কৰাটো ভুল, স্বীকাৰ তালিবানৰ

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ : মহিলাৰ শিক্ষাত বাধাৰ বাবে তালিবান প্ৰশাসন জনসাধাৰণৰ পৰা ‘বিচ্ছিন্ন’ হৈ পৰিছে। এই কথা স্বীকাৰ কৰে তালিবানৰ বৈদেশিক মন্ত্ৰী শ্বেৰ মহম্মদ আব্বাছ ষ্টানিকজাই। তেওঁৰ মতে, ছোৱালীৰ বাবে বিদ্যালয়ৰ দুৱাৰ শীঘ্ৰে খুলিব লাগে। তালিবানৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী নুৰুল্লাহ নূৰী ছাফে কয় যে ধৰ্ম আৰু আধুনিক শিক্ষাৰ মাজত কোনো সংঘাত নাই। তালিবানৰ শিক্ষামন্ত্ৰী হাবিবুল্লাহ আঘায়ো স্বীকাৰ কৰে যে দেশৰ ধৰ্মীয় বিদ্যালয়সমূহৰ শিক্ষাৰ মান অতি দুৰ্বল। তিনিজন মন্ত্ৰীৰ ভাষ্যত তালিবানৰ বিপৰীত সুৰ শুনা গ’ল। মন কৰিবলগীয়া যে ২০২১ চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা তালিবানে কাৰ্যতঃ ছোৱালীৰ বিদ্যালয় বন্ধ কৰি দিছে। আফগানিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, সমাৱৰ্তন অনুষ্ঠানত তালিবানৰ বৈদেশিক মন্ত্ৰীয়ে কয়- “ঈশ্বৰে সকলোকে শিক্ষাৰ অধিকাৰ দিছে। যদি কোনোবাই এই অধিকাৰত বাধা দিয়ে, তেন্তে ই আফগানসকলক অত্যাচাৰ কৰাৰ সমান। দেশৰ জনসাধাৰণৰ পৰা বিচ্ছিন্ন হোৱাৰ কাৰণো শিক্ষাৰ ক্ষেত্ৰত বাধা দিয়াটো।”

You might also like