তালিবানৰ নতুন নির্দেশনা-আফগানিস্তানত চৰকাৰী কর্মচাৰীয়ে দাড়ি খুৰাব নোৱাৰিব
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা কট্টৰ ইছলামিষ্ট গোট তালিবানৰ মধ্যযুগীয় নীতি–নির্দেশনা কার্যকৰী হ’বলৈ ধৰিছে৷ বিশেষকৈ নাৰীৰ স্বাধীনতা হৰণ কৰিবলৈ শ্বৰিয়তৰ দোহাই দি তালিবানে বিভিন্ন ফতোৱা জাৰি কৰিছে৷ শেহতীয়াকৈ দেশখনৰ চৰকাৰী কর্মচাৰীসকলৰ বাবে তালিবানে দাড়ি ৰখাটো বাধ্যতামূলক কৰিছে৷ পুৰুষ কর্মচাৰীসকলে কোনো কাৰণতে দাড়ি খুৰাব নোৱাৰিব বুলি তালিবানে শেহতীয়াকৈ নির্দেশ জাৰি কৰাৰ উপৰি কাপোৰ পৰিধানৰ ক্ষেত্রতো কঠোৰ নীতি গ্রহণ কৰিছে৷ কর্মচাৰীসকলে প্রতি মুহূর্ততে তালিবানী পাগুৰী পৰিধান কৰি থাকিব লাগিব৷ ইয়াৰ উপৰি স্থানীয় আফগান পোছাকহে পৰিধান কৰিব পাৰিব চৰকাৰী কর্মচাৰীসকলে৷ শেহতীয়াকৈ সংবাদ সংস্থা ৰয়টাৰছক এই কথা জনাইছে কেইবাগৰাকীও কর্মচাৰীয়ে৷ কট্টৰ ইছলামিষ্ট প্রশাসনে এতিয়া আফগানিস্তানত সাধাৰণ জনতাৰ স্বাধীন জীৱন ধাৰণৰ ক্ষেত্রত সৃষ্টি কৰিছে তীব্র প্রত্যাহ্বান৷