নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ জিডিপিতকৈ বেছি টাটাৰ বজাৰ মূলধন

🔹 আন্তর্জাতিক মুদ্রানিধিয়ে দিলে চাঞ্চল্যকৰ তথ্য : ভাৰতীয় ধনকুবেৰৰ গগনচুম্বী সমৃদ্ধি
বিশেষ বাৰ্তা, ২০ ফেব্রুৱাৰী : পাকিস্তানৰ অর্থনীতিৰ দৈন্যদশা এইবাৰ পোহৰলৈ আনিলে আন্তর্জাতিক মুদ্রানিধি (আইএমএফ)–এ৷ এফালে পাকিস্তানৰ অর্থনীতিৰ ভয়াৱহ ছৱি, আনফালে ভাৰতৰ ধনকুবেৰ টাটাৰ আর্থিক সমৃদ্ধিৰ দিশ তুলি ধৰিছে আইএমএফে৷ সংস্থাটোৰ তথ্য লৈ শেহতীয়াকৈ আন্তর্জাতিক সংবাদ মাধমে সদৰী কৰা অনুসৰি পাকিস্তানৰ জিডিপি বা মুঠ ঘৰুৱা উৎপাদনক অতিক্রম কৰিছে টাটা গোষ্ঠীৰ বজাৰ মূল্যই৷ শেহতীয়াকৈ টাটাৰ গোষ্ঠীৰ একাধিক কোম্পানীৰ শ্বেয়াৰ মার্কেটত অভাৱনীয় ৰিটাৰ্নৰ বাবে গোষ্ঠীটোৰ আর্থিক বৈভৱ বৃদ্ধি পাইছে৷ আনফালে ঋণৰ বোজাৰ লগতে মুদ্রাস্ফীতিয়ে চৰম সংকটত পেলাইছে পাকিস্তানক৷ প্রতিবেদন অনুসৰি, টাটা গোষ্ঠীৰ মুঠ বজাৰ মূলধন ৩৬৫ বিলিয়ন ডলাৰ বা ৩০ লাখ কোটি টকাৰ বেছি৷ পাকিস্তানৰ জিডিপিতকৈও টাটাৰ এই বজাৰ মূলধন বিশাল বুলি চিহ্ণিত হৈছে৷ আইএমএফৰ হিচাপ অনুসৰি পাকিস্তানৰ অর্থনীতি এতিয়া ৩৪১ বিলিয়ন ডলাৰত সীমাবদ্ধ হৈছে৷ শেহতীয়া প্রতিবেদন অনুসৰি অকল টাটা গোষ্ঠীৰ সংস্থা টিচিএছৰ বজাৰ মূল্য ১৭০ বিলিয়ন ডলাৰ, ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১৫ লাক কোটি টকা৷ আইএমএফৰ তথ্য অনুসৰি টিচিএছ অকলেই ঋণত জর্জৰিত পাক অর্থনীতিৰ আধা হিচাপে চিহ্ণিত হৈছে৷ উল্লেখনীয় যে টাটাৰ অন্য এটা সংস্থা টাটা ম’টর্ছৰো শেহতীয়াকৈ লাভৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ নতুন বছৰত টাটা মটর্ছৰ শ্বেয়াৰৰ দৰ ১১০ শতাংশ বৃদ্ধি পাইছে৷ শ্বেয়াৰ বজাৰত টাটা গোষ্ঠীৰ ২৫টা কোম্পানী নথিভুক্ত হৈ আছে৷ ইয়াৰে ২৪টাই নতুন বর্ষটোত লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে৷

You might also like