নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দোৰত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

🔹 আফগানিস্তানৰে কাইলৈ দ্বিতীয় টি–২০ : প্রত্যাৱর্তন কৰিব কোহলিয়ে

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : ইন্দোৰত টি–২০ শৃংখলা দখলৰ লক্ষ্য লৈছে যুৱ খেলুৱৈৰে সমৃদ্ধ টীম ইণ্ডিয়াই৷ আলহী দল আফগানিস্তানৰ বিপক্ষে খেলি থকা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ কাইলৈ ইন্দোৰৰ হ’লকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে প্রথমখন মেচত বিজয় সাব্যস্ত কৰা ভাৰতীয় দলটোৱে ইন্দোৰত শৃংখলা দখলৰ লক্ষ্যৰে নামিব৷ ইপিনে, তাৰকা বেটাৰ বিৰাট কোহলিৰ প্রত্যাৱর্তনে ঘৰুৱা দলটোৰ মনোবল অধিক বৃদ্ধি কৰি তুলিব৷ সুদীর্ঘ ১৪ মাহৰ পিছত কোহলিয়ে ভাৰতীয় টি–২০ দললৈ প্রত্যাৱর্তন কৰিছে৷ অৱশ্যে কোহলিয়ে ব্যক্তিগত কাৰণৰ বাবে প্রথমখন মেচত অংশগ্রহণ কৰাৰ পৰা বিৰত আছিল৷ ইফালে, সুদীর্ঘ ১৪ মাহৰ পিছত ভাৰতীয় টি–২০ দললৈ উভতি অহা ৰোহিত শর্মাই প্রথমখন মেচত ব্যর্থ হয়৷ অৱশ্যে কাইলৈৰ মেচখনত অধিনায়কগৰাকীয়ে দীঘলীয়া ইনিংছ খেলাৰ আশা ব্যক্ত কৰি কয় যে আগন্তুক টি–২০ বিশ্বকাপলৈ সাজু হোৱাৰ বাবে এইটো শৃংখলাই আমাৰ অন্তিম শৃংখলা৷ গতিকে কাইলৈ আৰু পৰৱর্তী মেচখনত আমি আমাৰ ভুলবোৰ শুধৰাই ল’ব লাগিব৷ আফগান দলটোক সহজভাৱে ল’ব বিচৰা নাই বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে কোহলিৰ প্রত্যাৱর্তনে দলটোৰ বেটিং বিভাগক শক্তিশালী কৰি তুলিব৷ প্রথমখন মেচত দাঙি ধৰা সুন্দৰ প্রদর্শনৰ বাবে শিৱম ডুবে, জিতেশ শর্মা আৰু তিলক বার্মাক প্রশংসা কৰে অধিনায়কগৰাকীয়ে৷ ইফালে, আফগানিস্তানে শৃংখলাটোত বর্তি থকাৰ বাবে কাইলৈৰ মেচখনত জয়লাভ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব৷ খেলৰ সময় : নিশা ৭ বজা৷

You might also like