নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেল খেলি ঘৰলৈ উভতি যাওক টীম ইণ্ডিয়াই

🔹 চেম্পিয়নছ ট্রফী : বিচিচিআইক অদ্ভুত প্রস্তাৱ পিচিবিৰ

নিউজ ডেস্ক, ২০ অক্টোবৰ : অহা বর্ষৰ ফেব্রুৱাৰী–মার্চ মাহত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে ব্যাপক প্রস্তুতি চলাই আছে পাকিস্তানে৷ সুদীর্ঘ দিনৰ পিছত আই চি চিৰ এক মূল ইভেণ্ট আয়োজনৰ স্বত্ব লাভ কৰা পাকিস্তানে এই প্রতিযোগিতাখনৰ সফল আয়োজনৰ বাবে যথাসম্ভৱ সকলো চেষ্টা চলাইছে৷ বিশেষকৈ নিৰাপত্তাৰ দিশৰ প্রতি অধিক মনোনিৱেশ কৰিছে দেশখনে৷ ভাৰতীয় দলৰ অংশগ্রহণ নিশ্চিত কৰাৰ বাবে বিচিচিআইক সৈমানৰ চেষ্টাত ব্রতী পিচিবি৷ এই চেষ্টাৰ অংশ হিচাপেই পিচিবিয়ে এইবাৰ বিচিচিআইলৈ আন এক প্রস্তাৱ আগবঢ়াইছে৷ শেহতীয়াকৈ পোহৰলৈ অহা এক প্রতিবেদনত দাবী কৰা হৈছে যে আনকি ভাৰতীয় দলে পাকিস্তানত প্রতিখন মেচ খেলাৰ পিছত ভাৰতলৈ ঘূৰি আহিব পাৰিব আৰু পাকিস্তানী ব’র্ডে এইক্ষেত্রত সম্পূর্ণ সহায় আগবঢ়োৱাৰ প্রস্তাৱো দাঙি ধৰিছে৷ ক্রিকবাজৰ এই প্রতিবেদন মতে, শেহতীয়াকৈ পাকিস্তানী ব’র্ডে ভাৰতীয় ক্রিকেট ব’ৰ্ডলৈ এখন পত্র প্রেৰণ কৰিছে৷ এই পত্রখনত ভাৰতীয় দলক পাকিস্তানলৈ আমন্ত্রণ জনাই এই বিশেষ অফাৰ দিয়া হৈছে৷ প্রতিবেদন অনুসৰি, যদি ভাৰতীয় দল নিৰাপত্তাজনিত কাৰণত পাকিস্তানত থাকিব নিবিচাৰে আৰু প্রতিখন খেলৰ অন্তত পুনৰ চণ্ডীগড় বা নতুন দিল্লীলৈ ঘূৰি আহিব বিচাৰে, তেন্তে এই বিষয়ত ক্রিকেট ব’র্ডে সম্পূর্ণ সহায় আগবঢ়াবলৈ সাজু বুলি পিচিবিয়ে উল্লেখ কৰিছে৷ পাকিস্তানী ব’ৰ্ডৰ এজন বিষয়াই এই প্রস্তাৱ নিশ্চিত কৰা বুলিও প্রতিবেদনত কোৱা হৈছে৷ উল্লেখ্য যে ইতিমধ্যে পাকিস্তান ক্রিকেট ব’র্ডে চেম্পিয়নছ ট্ৰফীৰ সম্ভাৱ্য সূচী প্রকাশ কৰিছিল৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাত পিচিবিয়ে ভাৰতীয় দলৰ সকলো গ্রুপ মেচ কেৱল লাহোৰত আয়োজন কৰাৰ প্রস্তাৱ দিছিল৷ ভাৰতীয় দলৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি পিচিবিয়ে এই সিদ্ধান্ত লৈছিল৷ লাহোৰৰ পৰা ভাৰতলৈ দূৰত্বৰ ব্যৱধান যথেষ্ট কম আৰু এই দিশলৈ লক্ষ্য ৰাখি পিচিবিয়ে বিচিচিআইক প্রতিখন মেচৰ অন্তত ভাৰতলৈ ঘূৰি অহাৰ এক নতুন বিকল্প প্রস্তাৱ প্রদান কৰিছে৷ অৱশ্যে পিচিবিৰ এই প্রস্তাৱৰ পিছতো বিচিচিআয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ ভাৰতীয় দল প্রেৰণ কৰাৰ সম্ভাৱনা তেনেই নগণ্য৷

You might also like