নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফীত চেম্পিয়ন টীম ইণ্ডিয়া

🔹 খিতাপ যুঁজত ৪ উইকেটত হাৰিল নিউজিলেণ্ড

🔹 ১২ বছৰীয়া প্ৰতীক্ষাৰ অন্ত

নিউজ ডেস্ক, ১০ মার্চ : তিনিবাৰকৈ চেম্পিয়নছ ট্রফীৰ খিতাপ জয় কৰি বিশ্বৰ প্রথমটো দল হিচাপে অভিলেখ গঢ়িলে টীম ইণ্ডিয়াই৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ডুবাইত অনুষ্ঠিত খিতাপ যুঁজৰ মেচখনত টীম ইণ্ডিয়াই নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে৷ ইয়াৰ পূর্বে টীম ইণ্ডিয়াই ২০০২ চনত শ্রীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়ন হোৱাৰ লগতে ২০১৩ চনত প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল৷ ফাইনেলত নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ২৫২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক ৰোহিত শর্মাৰ দর্শনীয় ৭৬, শ্রেয়াছ আয়াৰৰ ৪৮, লোকেশ ৰাহুলৰ ৩৪, শুভমন গিলৰ ৩১ আৰু অক্ষৰ পেটেলৰ ২৯ ৰানৰ সহায়ত টীম ইণ্ডিয়াই ৪৯ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ৰোহিত আৰু গিলে প্রথম উইকেটত ১০৫ ৰান সংগ্রহ কৰি ভাৰতক প্রত্যয়জনক আৰম্ভণি দিয়ে৷ গিলৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়৷ গিল আউট হোৱাৰ ক্ষন্তেক পিছতে বিৰাট কোহলি (১) আৰু অধিনায়ক ৰোহিত শর্মাই বিদায় লোৱাত দলটো চাপত পৰে৷ অৱশ্যে শ্রেয়াছ আৰু অক্ষৰে চতুর্থ উইকেটত ৬১ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ কিন্তু ২০ ৰানৰ ভিতৰত শ্রেয়াছ আৰু অক্ষৰক হেৰুৱাই টীম ইণ্ডিয়াই পুনৰ চাপত পৰিছিল যদিও ৰাহুলে হার্দিক পাণ্ডিয়াৰে ষষ্ঠ উইকেটত ৩৮ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰে৷ হার্দিকে ১৮ ৰানৰ গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়৷ ইপিনে, জাদেজাই ৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ নিউজিলেণ্ডৰ হৈ ছাণ্টনাৰ আৰু ব্রেছৱেল উভয়ে দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও ডাৰিল মিছেল আৰু মাইকেল ব্রেছৱেলৰ অর্ধশতকৰ সহায়ত নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৭টা উইকেটত ২৫১ ৰান কৰে৷ মিচেলে ৬৩ আৰু ব্রেছৱেলে ৪০টা বলত অপৰাজিতভাৱে ৫৩ ৰান কৰে৷ ৰাচিন ৰবীন্দ্রই ৩৭ আৰু গ্লেন ফিলিপছে ৩৪ ৰানৰ অৱদান আগবঢ়ায়৷ অ’পেনাৰ উইল ইয়ঙে ১৫ ৰান আৰু তাৰকা বেটাৰ কেন উইলিয়ামছনে মাত্র ১১ ৰান কৰি বিদায় লয়৷ ট’ম লাথামেও মাত্র ১৪ ৰান কৰি পেভিলিয়নমুখী হয়৷ টীম ইণ্ডিয়াৰ হৈ বৰুণ চক্রৱর্তী আৰু কুলদীপ যাদৱ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰাৰ লগতে মহম্মদ ছামি আৰু ৰবীন্দ্র জাদেজা উভয়ে এটাকৈ উইকেট লাভ কৰে৷ ফাইনেলত গুৰুত্বপূর্ণ অর্ধশতকীয় ইনিংছ খেলা টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে৷ ইপিনে, দুটাকৈ অনবদ্য শতকীয় ইনিংছ খেলা নিউজিলেণ্ডৰ তাৰকা বেটাৰ ৰাচিন ৰবীন্দ্রই প্রতিযোগিতাখনৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷ উল্লেখ্য যে প্রতিযোগিতাখনৰ খিতাপ দখল কৰি টীম ইণ্ডিয়াই আইচিচিৰ নকআউট মেচত নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ ব্যৱধান ২–৩লৈ হ্রাস কৰে৷ নিউজিলেণ্ডে ২০০০ চনত চেম্পিয়নছ ট্রফীত ফাইনেল, ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি আৰু ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰিছিল৷

You might also like