নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ঘটনাক লৈ ৰচনা লিখাৰ চর্তত জামিন কিশোৰ চালকক

🔹 গাড়ীৰ খুন্দাত নিহত ২

🔹 পুনেৰ জুভেনাইল আদালতৰ ৰায়ক লৈ ব্যাপক চর্চা

বিশেষ বাৰ্তা, ২১ মে’ : কেইদিনমান পূর্বে পুনে চহৰত এজন কিশোৰ চালকৰ বিলাসী বিদেশী গাড়ীৰ খুন্দাত মৃত্যু হৈছিল দুজন মটৰচাইকেল আৰোহীৰ৷ এই ঘটনাত অভিযুক্ত নাবালকক দুর্ঘটনাক লৈ ৰচনা লিখাৰ চর্তত জামিন দিলে জুভেনাইল আদালতে৷ ইয়াৰ উপৰি ১৫ দিন যান–বাহন আৰক্ষীৰ সৈতে কাম কৰাৰ নির্দেশ দিয়া হৈছে কিশোৰজনক৷ আদালতৰ সূত্রই সদৰী কৰা অনুসৰি, কেইদিনমান পূর্বে কোৰেগাও পার্কত এই দুর্ঘটনা সংঘটিত হৈছিল৷ ১৭ বছৰীয়া কিশোৰ চালকজনৰ গাড়ীখনে তীব্রগতিত খুন্দা মৰাৰ ফলত বিপৰীত দিশৰ পৰা অহা মটৰচাইকেল এখন ছিটিকি পৰে৷ ইয়াৰ ফলত মৃত্যু হয় ৰাজস্থানৰ বাসিন্দা দুই মটৰচাইকেল আৰোহী আনিছ দুধিয়া আৰু অশ্বিনী কোষ্টাৰ৷ ঘটনাস্থলীতে মৃত্যু হয় অশ্বিনীৰ৷ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে আনিছে৷ ঘটনাস্থলীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ তাত দেখিবলৈ পোৱা যায় উত্তেজিত জনতাই কিশোৰজনক প্রহাৰ কৰা৷ এই ঘটনাত গাড়ীৰ চালকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে৷ পৰৱর্তী সময়ত পুনেৰ প্রভাৱশালী বিল্ডাৰৰ নাবালক পুত্রক গ্রেপ্তাৰ কৰা হয়৷

You might also like