নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বিশ্বযুদ্ধৰ সৈনিক এশ বছৰীয়া টেৰেঞ্চৰ ৯৬ বছৰীয়া প্রেয়সীৰে বিবাহ

বিশেষ বাৰ্তা, ৯ জুন : প্রেমৰ মহিমা অপাৰ৷ প্রেমে নাজানে বয়সৰ পৰিসীমা৷ এনে এক উদাহৰণ ফ্রান্সত চর্চিত হৈছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সৈনিক এশ বছৰীয়া হেৰ’ল্ড টেৰেঞ্চে তেওঁৰ ৯৬ বছৰীয়া প্রেয়সীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব৷ ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে দ্বিতীয় বিশ্বযুদ্ধৰ প্রাক্তন হেৰ’ল্ড টেৰেঞ্চক ফ্রান্সৰ সর্বোচ্চ সন্মানেৰে সন্মানিত কৰাৰ পিছতে টেৰেঞ্চে তেওঁৰ প্রেয়সীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে ১৯৪৪ চনৰ জুনত হেৰ’ল্ড টেৰেঞ্চে সন্মিলিত বাহিনীৰ সেনাৰ মহিলা জোৱান জিনি স্বেৰলিনক লগ পাইছিল৷ উক্ত সময়ছোৱাতেই টেৰেঞ্চ আৰু স্বেৰলিনৰ মাজত প্রেমৰ সম্পর্ক হৈছিল৷ পৰৱর্তী সময়ত তেওঁঁলোকৰ মাজত এই সম্পর্ক আছিল যদিও বিবাহপাশত আবদ্ধ হোৱা নাছিল৷ অলপতে দ্বিতীয় বিশ্বযুদ্ধৰ বিজয় উৎসৱ পালনৰ পিছত টেৰেঞ্চে এই সিদ্ধান্ত গ্রহণ কৰে৷

You might also like