নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমৰ বাবে কর্মীক ছুটী দিব থাইলেণ্ডৰ কোম্পানীয়ে

🔹 কর্তন কৰা নহয় বেতন : মানসিক সন্তুষ্টি বৃদ্ধিৰ নতুন পদক্ষেপ

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : জীৱনত নতুন মানুহ আহিছে! কার্যালয়ত কামৰ অত্যধিক চাপ৷ ছুটী লৈ প্রেম কৰাৰ সময় ক’ত! কিন্তু এইবাৰ এই সমস্যা সমাধান কৰিব কার্যালয়ে৷ ডেটিঙত যোৱাৰ বাবে লাভ কৰিব ছুটী৷ ইয়াৰ বাবে দৰমহা কর্তন কৰা নহয়৷ সাধু কথা নহয় এয়া৷ বাস্তৱত এনে কার্যালয় আছে৷ অৱশ্যে ভাৰতত নহয়, থাইলেণ্ডতহে আছে৷ এক আন্তর্জাতিক সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি থাইলেণ্ডৰ এটা মার্কেটিং সংস্থাই তেওঁলোকৰ কর্মীসকলক টিণ্ডাৰ ডেটত যোৱাৰ বাবে ছুটী দিছে৷ অকল সেয়াই নহয়, ডেটিং এপ টিণ্ডাৰৰ গ’ল্ড তথা প্লেটিনাম ছাবস্ক্রিপছনৰ খৰচো দিব এই কোম্পানীয়ে৷ কোম্পানীটোৰ তৰফৰ পৰা জনোৱা হৈছে যে কর্মীসকলে কোনোবাৰ সৈতে ডেটিঙত যোৱাৰ বাবে টিণ্ডাৰ এপ ব্যৱহাৰ কৰিব পাৰিব৷ সংগীৰ সৈতে সময় কটোৱাৰ বাবে তেওঁলোকক ছুটী দিয়া হ’ব৷ ইয়াৰ বাবে কোনোধৰণৰ বেতন কর্তন কৰা নহয়৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ইতিমধ্যে এই প্রক্রিয়া আৰম্ভ হৈছে কোম্পানীটোত৷ জুলাই মাহৰ পৰা ডেটিঙত যোৱাৰ বাবে ছুটী দিয়া হৈছে কর্মীসকলক৷ অৱশ্যে কর্মীসকলক ডেটিঙত যোৱাৰ বাবে কিমান দিনৰ ছুটী দিয়া হ’ব, সেই সন্দর্ভত স্পষ্টভাৱে জনোৱা হোৱা নাই৷ সংস্থাটোৰ তৰফৰ পৰা গ্রহণ কৰা এনে সিদ্ধান্তক প্রশংসা কৰিছে বহু লোকে৷ কর্মীসকলৰ স্বাস্থ্য আৰু মন ভালে ৰাখিবলৈ এই উদ্যোগ গ্রহণ কৰিছে সংস্থাটোৱে৷ কাৰণ কর্মীসকল সুখত থাকিলে, তেওঁলোকৰ মন ভালে থাকিলে কামৰ প্রতি আগ্রহ বৃদ্ধি পাব৷ অর্থাৎ কামৰ মান বৃদ্ধি পাব৷ গতিকে এই অভিনৱ পন্থা গ্রহণ কৰা হৈছে৷ থাইলেণ্ডত মার্কেটিং কোম্পানীটোৱে এনে অভিনৱ পদক্ষেপ গ্রহণ কৰা বিষয়টোক ইউৰোপৰ বিভিন্ন দেশে সমর্থন জনাইছে যদিও এছিয়াৰ দেশসমূহত ইয়াক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ ইয়াৰ ফলত সমাজ আৰু সংস্কৃতিত বিশৃংখল পৰিৱেশ সৃষ্টি হ’ব বুলি একাংশই ধাৰণা কৰিছে৷ ইয়াৰ ফলত কর্মীসকলৰ শৃংখলাবদ্ধতা নোহোৱা হৈ পৰিব বুলিও বিভিন্ন মহলে ধাৰণা কৰিছে৷ কিন্তু থাইলেণ্ডজুৰি কোম্পানীটোৰ এই পদক্ষেপক প্রশংসা কৰা হৈছে৷

You might also like