নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইমৰান খানক লগ কৰিবলৈ অহা ১৫গৰাকী কৃষক সন্ধানহীন

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ বিভিন্ন দাবীক লৈ পাকিস্তানী পঞ্জাব প্রদেশৰ মুখ্যমন্ত্রী উছমান বাজদাৰ অথবা পাক প্রধানমন্ত্রী ইমৰান খানক লগ কৰিবলৈ অহা প্রতিবাদী কৃষকক আৰক্ষীয়ে লাঠীচালনা কৰাৰ পিছতে ১৫গৰাকী কৃষক সন্ধানহীন হোৱা ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে পাকিস্তান৷

উল্লেখনীয় যে আৰক্ষীয়ে লাঠীচালনা কৰাৰ উপৰি ২৫০গৰাকী কৃষকক গ্রেপ্তাৰ কৰিছে৷ কিন্তু যোৱা সপ্তাহত মুলতানৰ ৰাজপথত ১৫গৰাকী কৃষক আৰক্ষীৰ লাঠীচালনাৰ সময়ত সন্ধানহীন হোৱাৰ লগে লগে ইমৰান খান চৰকাৰে কৃষককেইগৰাকীক হত্যা কৰা বুলি বিভিন্ন মহলে অভিযোগ তুলিছে৷ ইতিমধ্যে এই আতিশয্য তথা কৃষক সন্ধানহীন হোৱা ঘটনাটোক লৈ দেশখনত সৰৱ হৈছে মানৱ অধিকাৰ সংগঠনসমূহ৷

You might also like