নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প’মোনাৰ অস্থায়ী ষ্টেডিয়ামত ২০২৮ চনৰ অলিম্পিকৰ ক্রিকেট খেল

🔹 সুদীর্ঘ ১২৮ বছৰৰ পিছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্রিকেট

নিউজ ডেস্ক, ১৭ এপ্রিল : সুদীর্ঘ ১২৮ বছৰৰ পিছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্রিকেট৷ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ পাঁচটা নতুন ইভেণ্টৰ ভিতৰত অন্যতম হিচাপে অন্তর্ভুক্ত কৰা হৈছে বিশ্বৰ অন্যতম জনপ্রিয় খেলবিধক৷ লছ এঞ্জেলছৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত প’মোনাত অস্থায়ী ষ্টেডিয়ামত ছটা দলৰ মাজত অনুষ্ঠিত হ’ব ক্রিকেট ইভেণ্ট৷ অলিম্পিকৰ আয়োজকে ঘোষণা কৰে যে ২০২৮ চনৰ অলিম্পিকৰ ক্রিকেট খেল প’মোনাৰ এখন অস্থায়ী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এই ঠাহখন লছ এঞ্জেলছৰ পৰা ৫০ কিলোমিটাৰ দূৰত৷ ১৯২২ চনৰ পৰা এই অঞ্চলত লছ এঞ্জেলছ কাউণ্টি মেলা অনুষ্ঠিত হৈ আহিছে৷ উক্ত স্থানত ক্রিকেটৰ বাবে উপযোগী আন্তঃগাঁথনি নির্মাণ কৰা হৈছে যদিও সেয়া অস্থায়ী৷ ২০২৮ চনৰ ১৪ জুলাইৰ পৰা ৩০ জুলাইলৈ অলিম্পিকত অনুষ্ঠিত হ’ব ক্রিকেট৷ এই ঘোষণাক আইচিচিয়ে আদৰণি জনাইছে৷ প্রথমতে সিদ্ধান্ত লোৱা হৈছে যে লছ এঞ্জেলছ অলিম্পিকত ক্রিকেট ৬টা দলৰ মাজত খেলা হ’ব৷ ৬টা পুৰুষৰ দল৷ ৬টা মহিলা দল৷ যোগ্যতা অর্জনৰ ৰাউণ্ড আৰু প্রতিযোগিতাখনৰ ফর্মেট এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও ক্রিকেটত অর্হতাৰ পর্যায়টো যথেষ্ট প্রত্যাহ্বানজনক হোৱাৰ সম্ভাৱনা আছে৷

You might also like