পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ ৪৬ বছৰীয়া ৰহস্য
🔹 ৰত্ন ভাণ্ডাৰৰ ভিতৰত কি দেখিলে উচ্চস্তৰীয় কমিটীৰ সদস্যই
🔹 অন্ধকাৰ কোঠাৰ পহৰাত থাকে সাপ!
🔹 ভৰি আছে বৈদুর্য মণি–নীলকান্ত মণিসহ দ্বাদশ শতিকাৰ বহু মূল্যৱান সম্পদেৰে
বিশেষ বাৰ্তা, ১৫ জুলাই : দীর্ঘ প্রতীক্ষাৰ অৱশেষত অন্ত পৰিল৷ দেওবাৰে দুপৰীয়া ঠিক ১ বাজি ২৮ মিনিট৷ এই ‘পৱিত্র মুহূর্ত’তে ৪৬ বছৰৰ অন্তত খোল খালে পুৰীৰ জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্ন ভাণ্ডাৰৰ দুৱাৰ৷ ভাৰতীয় প্রত্নতত্ত্ব বিভাগ, ওড়িশা চৰকাৰ আৰু জগন্নাথ মন্দিৰ কর্তৃপক্ষই গঠন কৰি দিয়া ১১জনীয়া উচ্চস্তৰীয় কমিটীয়ে দ্বাদশ শতিকা প্রাচীন ৰত্ন ভাণ্ডাৰটোৰ সংৰক্ষণৰ উদ্দেশ্যে লোৱা সিদ্ধান্ত কার্যকৰী কৰাৰ লগে লগে স্বাভাৱিকতে সমগ্র দেশবাসীৰ উৎসুকতা বৃদ্ধি পাইছে৷ সকলোৱে এটা কথাই জানিব বিচাৰিছে– কি আছে জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্ন ভাণ্ডাৰত? জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰক লৈ প্রচলিত হৈ আছে বিভিন্ন ধৰণৰ কাহিনী৷ প্রবাদ মতে, ৰত্ন ভাণ্ডাৰৰ অন্ধকাৰ কোঠাৰ পহৰাত থাকে সাপ৷ অৱশ্যে এনেধৰণৰ প্রবাদৰ প্রমাণ এতিয়ালৈ পোৱা হোৱা নাই৷ আপাততঃ দেওবাৰে ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খোলাৰ পাছত তাৰ ভিতৰত প্রৱেশ কৰে ১১জনীয়া উচ্চস্তৰীয় কমিটীৰ সদস্যসকল৷ তাৰ ভিতৰত আছে কমিটীৰ সভাপতি, ন্যায়াধীশ বিশ্বনাথ ৰথ, অন্যতম সদস্য তথা জগন্নাথ মন্দিৰৰ প্রশাসনিক কর্তৃপক্ষৰ মুখ্য প্রশাসক অৰবিন্দ পাধি, পুৰীৰ মহাৰাজা গজপতিৰ এজন প্রতিনিধি আৰু চিবিকে মহান্তি৷ ৰত্ন ভাণ্ডাৰৰ পহৰাত সাপ থকা প্রবাদলৈ চাই বিশেষ সতর্কতা অৱলম্বন কৰা হৈছে৷ মন্দিৰৰ ভিতৰত আৰু বাহিৰত সাজু কৰি ৰখা হৈছিল স্নেক হেল্পলাইনৰ দুটা বিশেষজ্ঞৰ দল৷ উল্লেখ্য যে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ কোঠা দুটা চেম্বাৰত বিভক্ত৷ ইয়াৰে এটা চেম্বাৰ বহিঃভাগত আৰু এটা অন্তঃভাগত আছে৷ দেওবাৰে বিয়লি ৫.৩০ বজাপর্যন্ত উচ্চস্তৰীয় কমিটীৰ সদস্যসকল জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰত বহিঃভাগৰ চেম্বাৰতে আছিল৷ এই চাৰি ঘণ্টাৰ সময়ছোৱাত বহিঃভাগৰ চেম্বাৰটোৰ পৰা চন্দুকত ভৰাই কিছু অলংকাৰ আৰু সামগ্রী বাহিৰলৈ উলিয়াই অনা হয়৷ কিন্তু ভিতৰৰ চেম্বাৰটো খোলোঁতে যথেষ্ট সময়ৰ প্রয়োজন হৈছিল৷ প্রধানতঃ এটা তলা নোখোলাৰ বাবেই উচ্চস্তৰীয় কমিটীৰ সদস্যসকল বিবুধিত পৰে৷ শেষত তলাটো ভাঙি ভিতৰত প্রৱেশ কৰাৰ সিদ্ধান্ত লয়৷ কিন্তু তলা ভাঙি ভিতৰত প্রৱেশ কৰাৰ সময়তে জাক জাক বান্দৰ বাহিৰলৈ ওলাই আহে৷ এনে অৱস্থাত সাপ থকাৰো সন্দেহ কৰি স্নেক হেল্পলাইনৰ বিশেষজ্ঞক তলব কৰা হয়৷ তেওঁলোকে ভিতৰত গৈ প্রৱেশ কৰি নিৰাপদ নিশ্চিত কৰাৰ পাছতহে উচ্চস্তৰীয় কমিটীৰ সদস্যসকলে প্রৱেশ কৰে৷ কিন্তু কালি অন্তঃচেম্বাৰত কাম–কাজ বিশেষ আগ নাবাঢ়িল৷ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খোলাৰ পাছতে এক্স হেণ্ডেলযোগে প্রতিক্রিয়া ব্যক্ত কৰিছে ওড়িশাৰ নৱনির্বাচিত মুখ্যমন্ত্রী মহন চৰণ মাঝিয়ে৷ মুখ্যমন্ত্রীৰ কার্যালয়ৰ এক্স হেণ্ডেলত এইদৰে লিখা হৈছে– ‘হে জগন্নাথ, তোমাৰ ইচ্ছাতেই মন্দিৰৰ চাৰিখন দুৱাৰ খোলা হৈছিল৷ এইবাৰ পুনৰ তোমাৰ ইচ্ছাতেই ৪৬ বছৰৰ পাছত ৰত্ন ভাণ্ডাৰৰ দুৱাৰো খোলা হ’ল৷ মোৰ দৃঢ় বিশ্বাস- এই মহৎ কার্য সফল হ’ব৷’ জগন্নাথ মন্দিৰৰ এক সূত্রৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ৰত্ন ভাণ্ডাৰত জগন্নাথৰ বৈদুর্য মণি–নীলকান্ত মণিসহ দ্বাদশ শতিকাৰ বহু মূল্যৱান ৰত্ন, জগন্নাথ–বলোৰাম–সুভদ্ৰাৰ অলংকাৰ, সম্পদ আৰু বিভিন্ন ধৰণৰ সামগ্রী আছে৷ ৰত্নভাণ্ডাৰৰ এই মূল্যৱান বস্তুবোৰ বিশেষ ভল্টত ভৰাই ষ্ট্রংৰুমত ৰখা হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে জগন্নাথ মন্দিৰ চৌহদলৈ অনা হৈছে ৬টা বৃহদাকাৰৰ চন্দুক৷ অৱশ্যে তাৰ পূর্বে ৰত্ন ভাণ্ডাৰৰ হিচাপ কৰা হ’ব৷ ৪৬ বছৰ পূর্বে ধনৰাশিকে ধৰি যিবোৰ বস্তু আছিল সেয়া এতিয়াও আছে নে নাই, তালিকা মিলাই চোৱাৰ উচ্চস্তৰীয় কমিটীয়ে সিদ্ধান্ত গ্রহণ কৰিছে বুলি সূত্রটোত প্রকাশ৷ ইতিমধ্যে উচ্চস্তৰীয় কমিটীয়ে সমগ্র প্রক্রিয়াটোৰ বাবে এখন এছঅ’পি প্রস্তুত কৰিছে৷ য’ত অনুমোদন জনাইছে ওড়িশাৰ নৱগঠিত বিজেপি চৰকাৰে৷ অনুমোদিত এছঅ’পিৰ অধীনত ৰত্ন ভাণ্ডাৰ সংক্রান্তীয় যাৱতীয় সংস্কাৰৰ কাম–কাজ সম্পন্ন কৰা হ’ব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ওড়িশা বিধানসভাৰ শেহতীয়া নির্বাচনত জয়ী হ’লে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খোলাৰ প্রতিশ্রুতি দিছিল বিজেপিয়ে৷ সেই প্রতিশ্রুতি মতে, বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতেই ইয়াৰ প্রস্তুতি আৰম্ভ কৰে৷ ১১জনীয়া উচ্চস্তৰীয় কমিটীয়ে প্রথমতে ৰথ আৰু ওভতনি ৰথযাত্রাৰ মাজৰ সময়ছোৱাত যেতিয়া জগন্নাথ–বলোৰাম–সুভদ্ৰাৰ মূর্তি মন্দিৰৰ পৰা বাহিৰলৈ উলিয়াই অনা হয়, তেতিয়াই ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খোলাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু শেষ মুহূর্তত সেই সিদ্ধান্ত বাতিল কৰা হয়৷ অৱশেষত কালি দুপৰীয়া ১.২৮ বজাত ‘পৱিত্র মুহূর্ত’ত খোলা হ’ল জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ৷ এই সময়ছোৱাত জগন্নাথ মন্দিৰ কর্তৃপক্ষ তথা ১১জনীয়া উচ্চস্তৰীয় কমিটীখনে নিৰাপত্তাৰ দিশটো সন্দর্ভত যথেষ্ট গুৰুত্ব দিছে৷ জগন্নাথ মন্দিৰৰ চাৰিও দিশত সংস্থাপন কৰা হৈছে চি চি টিভি কেমেৰা৷ সেইদৰে ৰত্ন–অলংকাৰ–সম্পদৰ মান–বিশুদ্ধতা নিৰূপণৰ বাবে বিশেষজ্ঞ স্বর্ণকাৰ অনাৰো ব্যৱস্থা কৰিছে৷ ইয়াৰ মাজতে ‘ওড়িশা ৰিভিউ’ নামৰ এখন স্থানীয় সংবাদ–পত্রই ৰত্ন ভাণ্ডাৰত থকা সম্পদক লৈ এক গুৰুত্বপূর্ণ বাতৰি প্রকাশ কৰিছে৷ বাতৰিটোত উল্লেখ কৰা অনুসৰি, ওড়িশাৰ ৰজা অনংগভীমদেৱে ভগৱান জগন্নাথৰ অলংকাৰ গঢ়াৰ বাবে ডেৰ হাজাৰ কিলোগ্রাম সোণ মন্দিৰ কর্তৃপক্ষক দিছিল৷ সেই সোণো ৰত্ন ভাণ্ডাৰত থাকিব লাগে৷ ৰত্ন ভাণ্ডাৰৰ বহিঃচেম্বাৰতে আছে ভগৱান জগন্নাথৰ এটা সোণৰ মুকুট আৰু তিনিডাল সোণৰ হৰিদকণ্ঠি মালা৷ ইয়াৰে একোডালত আছে ১২০ তোলা অর্থাৎ প্রায় ডেৰ কেজিকৈ সোণ৷ ভগৱান জগন্নাথ আৰু বলোৰামৰ সোণৰ শ্রীভুজো ৰত্ন ভাণ্ডাৰতে আছে৷ ৰত্ন ভাণ্ডাৰৰ অন্তঃচেম্বাৰত আছে ৭৪বিধ সোণৰ গহনা৷ প্রত্যেকবিধৰ ওজন কমেও এক কিলোগ্রামকৈ৷ সোণ, হীৰা, প্রবাল আৰু মুক্তাৰে প্রস্তুত কৰা প্লেট ৰত্ন ভাণ্ডাৰত ৰখা হৈছিল৷ ১৪০টা ৰূপৰ গধুৰ ওজনৰ গহনা ৰত্ন ভাণ্ডাৰত থাকে বুলি সংবাদ–পত্রখনে দাবী কৰিছে৷