২২ জানুৱাৰীত মৌনব্রত ভাঙিব ৮৫ বছৰীয়া বৃদ্ধাই
বিশেষ বাৰ্তা, ১১ জানুৱাৰী : ঝাৰখণ্ডৰ ৮৫ বছৰীয়া সৰস্বতী দেৱীয়ে কথা কোৱা নাই তিনি দশক ধৰি ৷ প্রতিজ্ঞা আছিল স্বপ্ন বাস্তৱায়িত হ’লেহে মুখ খুলিব৷ অযোধ্যাৰ মাটিত ৰাম মন্দিৰ প্রতিষ্ঠা হ’লেহে মুখ খোলাৰ সংকল্প লৈছিল ঝাৰখণ্ডৰ মহিলাগৰাকীয়ে৷ অৱশেষত ২২ জানুৱাৰীৰ উদ্বোধনৰ দিনাই মৌনব্রত ভংগ কৰিবলৈ বিচাৰিছে ৮৫ বছৰীয়া সৰস্বতী দেৱীয়ে৷ ১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ সময়ত শেষবাৰৰ বাবে কথা কৈছিল সৰস্বতী দেৱীয়ে৷ তেতিয়াই সৰস্বতী দেৱীয়ে প্রতিজ্ঞা কৰিছিল যে যিদিনা ৰাম মন্দিৰ উদ্বোধন হ’ব তেওঁ পুনৰ কথা ক’ব৷ বৃদ্ধাগৰাকীৰ আত্মীয়ই এই কথা সংবাদ মাধ্যমক জনাইছে৷