নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকান সেনাই কাবুলত এৰি গ’ল বহু কুকুৰ

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ তালিবানে বান্ধি দিয়া চূড়ান্ত সময়সীমাৰ ভিতৰত আফগান ভূমি ত্যাগ কৰিবলগীয়া হোৱাৰ বাবেই কাবুলত আমেৰিকান সেনাই এৰি থৈ যায় কেইবাডজনো কুকুৰ৷ বিশেষভাৱে প্রশিক্ষণপ্রাপ্ত এই কুকুৰবোৰ আফগানিস্তানত মার্কিন সেনাই সন্ত্রাস প্রতিৰোধী যুদ্ধত ব্যৱহাৰ কৰিছিল৷ উল্লেখনীয় যে কালি নিশাৰ ভাগত আফগানিস্তানৰ পৰা সকলো মার্কিন সৈনিকে গৃহভূমিলৈ প্রত্যাৱর্তন কৰে৷ তেতিয়াই কাবুলত এৰি থৈ যায় সেনাৰ একালৰ মৰমৰ কুকুৰবোৰ৷

পৰিত্যক্ত অৱস্থাত এনেদৰে কুকুৰবোৰ এৰি থৈ যোৱা বাবে কেইবাটাও বন্যপ্রাণী কল্যাণ সংস্থাই আমেৰিকান সেনাক গৰিহণা দিছে৷ যুদ্ধবিধ্বস্ত দক্ষিণ এছিয়ান ইছলামিক দেশখনৰ পৰা আমেৰিকান বাহিনীয়ে আঁতৰি যোৱাৰ সময়ত কুকুৰবোৰক লগত নিনিয়াটো চৰম অমানৱীয় কার্য বুলি অভিহিত কৰিছে ‘ভেটার্ন শ্বীপডগছ অৱ আমেৰিকা’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে৷ আফগানিস্তানৰ পৰা পৰিত্যক্ত অৱস্থাত থকা মার্কিন বাহিনীৰ কুকুৰবোৰ উদ্ধাৰ কৰিবলৈ অন্য কেইবাটাও সংগঠনৰ সৈতে যোগাযোগ চলাইছে এই স্বেচ্ছাসেৱী সংস্থাটোৱে৷

ইফালে, আমেৰিকান হিউমেন নামৰ সংস্থাটোৰ মুৰব্বী তথা মুখ্য কার্যবাহী বিষয়া ৰবীন আৰ গেনজার্টে উল্লেখ কৰিছে যে এসময়ত এই সাহসী কুকুৰবোৰ আছিল মার্কিন বাহিনীৰ বিশ্বস্ত সহযোগী৷ এই সহযোগী কুকুৰবোৰক এনেদৰে এৰি যোৱা কার্যক কেতিয়াও সহজভাৱে গ্রহণ কৰা নহয়৷

You might also like