নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত অচিন ৰোগত ৩২ শিশুসহ ৩৯জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ উত্তৰ প্রদেশত বিগত কেইসপ্তাহমানৰ ভিতৰত অচিন ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯গৰাকীলৈ বৃদ্ধি পাইছে৷ বিভিন্ন হাস্পতালত এই অচিন ৰোগত আক্রান্ত হৈ চিকিৎসা গ্রহণ কৰি থকা লোকসকলৰ ইতিমধ্যে স্বাস্থ্যৰ বুজ লৈছে ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ কালি মুখ্যমন্ত্রী আদিত্য নাথে উল্লেখ কৰে যে লক্ষ্ণৌৰ কিং জর্জ মেডিকেল কলেজৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাই এই ৰোগ সন্দর্ভত বিভিন্ন পৰীক্ষা তথা তদন্ত আৰম্ভ কৰিছে৷

শীঘ্রে এই ৰোগৰ কাৰণ জানিব পৰা হ’ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ উল্লেখনীয় যে ৰাজ্যখনৰ ফিৰোজাবাদত এতিয়ালৈকে ৩২টা শিশু আৰু ৭গৰাকী জ্যেষ্ঠ লোকৰ মৃত্যু হৈছে৷ এই অচিন ৰোগৰ লক্ষণ হৈছে ডায়েৰিয়া, বমি আৰু প্রচণ্ড জ্বৰ৷

You might also like