নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৭খন স্বদেশী তেজছ ক্রয় কৰিব সেনাই

🔹 ১.১ লাখ কোটি টকা মঞ্জুৰ ডিএচিৰ

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : “সীমান্তত চীনৰ তৎপৰতাৰ সময়তে বৃহৎ সাফল্য ‘আত্মনির্ভৰ’ ভাৰতৰ ৷ দেশীয় প্রযুক্তিৰে নির্মিত যুদ্ধ বিমান কিনিবলৈ ১.১ লাখ কোটি টকা মঞ্জুৰ কৰিলে প্রতিৰক্ষা অধিগ্রহণ পৰিষদ (ডিএচি)–এ৷ চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি দেশীয় সংস্থাত নির্মিত ৯৭খন তেজছ যুদ্ধ বিমান ক্রয় কৰা হ’ব প্রতিৰক্ষা বাহিনীৰ বাবে৷ ইয়াৰ সৈতে ক্রয় কৰা হ’ব ১৫৬খন প্রচণ্ড হেলিকপ্টাৰো৷ যুদ্ধ বিমানবোৰ ব্যৱহাৰ কৰিব স্থলসেনা আৰু বায়ুসেনাই৷ উল্লেখনীয় যে দেশীয় সংস্থাই ইয়াৰ পূর্বে ইমান বৃহৎ অংকৰ  যুদ্ধ বিমান নির্মাণৰ ঠিকা লাভ কৰা নাছিল৷ কালি এই যুদ্ধ বিমানৰ চুক্তিত অনুমোদন পাইছে সেনাই৷ উল্লেখনীয় যে চলিত সপ্তাহতে এই যুদ্ধ বিমান ক্রয়ৰ বিষয়টোক লৈ গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল প্রতিৰক্ষা মন্ত্রালয়ত৷

You might also like