নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ এছিয়াৰ প্রথম সমলিংগ বিয়াৰ পঞ্জীয়ন নেপালত

🔹 সমকামী মায়া–সুৰেন্দ্রই গঢ়িলে নতুন ইতিহাস

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : দক্ষিণ এছিয়াৰ ভিতৰত প্রথম সমলিংগৰ বিবাহ পঞ্জীয়ন হ’ল নেপালত ৷ ৫ মাহ পূর্বে হিমালয়ান ৰাষ্ট্রখনৰ শীর্ষ আদালতে অন্তর্ৱর্তীকালীন বৈধতা প্রদান কৰিছিল সমলিংগ বিয়াত ৷ এইবাৰ আইন মানি এই বিয়াৰ পঞ্জীয়ন কৰালে ৩৫ বছৰীয়া সমকামী মায়া গুৰুং আৰু ২৭ বছৰৰ সমকামী যুৱক সুৰেন্দ্র পাণ্ডেই৷ উল্লেখনীয় যে অকল নেপালৰেই নহয়, দক্ষিণ এছিয়াৰ ভিতৰতে সমলিংগ বিবাহত আবদ্ধ হোৱা মায়া আৰু সুৰেন্দ্র হৈছে প্রথম দম্পতী৷ অৱশ্যে প্রায় ৬ মাহ পূর্বে মায়া আৰু সুৰেন্দ্রই সংসাৰ আৰম্ভ কৰে৷ কিন্তু আইনী জটিলতাত আবদ্ধ হৈ আছিল বিয়াৰ পঞ্জীয়ন৷ নেপালৰ যৌন সংখ্যালঘুসকলৰ কল্যাণ আৰু অধিকাৰ সম্পর্কীয় সংগঠন ব্লু ডায়মণ্ড ছ’চাইটীৰ সভাপতি সঞ্জীৱ গুৰুং ওৰফে পিংকীয়ে জনোৱা অনুসৰি পশ্চিম নেপালাৰ লামজুং জিলাৰ দৰদি পৌৰসভাত বিবাহপাশত আবদ্ধ হয় মায়া আৰু সুৰেন্দ্র৷ ইয়াৰ পাছতেই দেশখনত সৃষ্টি হয় নতুন ইতিহাস৷ লক্ষণীয়ভাৱে সমগ্র এছিয়াৰ ভিতৰত একমাত্র টাইৱানত সমলিংগ বিবাহ আইনগতভাৱে বৈধ ৷

You might also like