নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক্সৰ মুৰব্বী মাস্কৰ ১৩সংখ্যক সন্তান জন্ম লেখিকাৰ

🔹 মার্কিন ধনকুবেৰৰ জীৱনত চতুর্থ নাৰী এছলে ছেইণ্ট ক্লেয়াৰ

নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : ধনকুবেৰ এলন মাস্কৰ সন্তান জন্ম দিছে মার্কিন ইনফ্লুৱেন্সাৰ তথা লেখিকা এগৰাকীয়ে৷ দেশজুৰি বিতর্কৰ মাজত এই বিষয়টোক লৈ শেহতীয়াকৈ মুখ খুলিছে ট্রাম্প প্রশাসনৰ অন্যতম গুৰুত্বপূর্ণ পদবীত থকা এলন মাস্কে৷ সূত্রই সদৰী কৰা অনুসৰি, এই সন্তানৰ পিতৃত্ব স্বীকাৰ কৰি লৈছে স্পেচ এক্সৰ মুৰব্বী মাস্কে৷ ইতিমধ্যে মাস্ক আৰু মার্কিন লেখিকাগৰাকীৰ মাজত সন্তানৰ প্রতিপালনক লৈ কথা–বতৰাও চলিছে বুলি জানিব পৰা গৈছে৷  এক্স হেণ্ডেলত এটা পোষ্ট কৰি লেখিকা এছলে ছেইণ্ট ক্লেয়াৰে দাবী কৰিছিল যে পাঁচ মাহ পূর্বে তেওঁ এটি সন্তান জন্ম দিছে৷ ৩১ বছৰীয়া লেখিকাগৰাকীয়ে দাবী কৰা অনুসৰি এই সন্তানৰ পিতৃ এলন মাস্ক৷ এই পোষ্টক লৈ লগে লগে ছ’চিয়েল মিডিয়াত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি৷ ইয়াৰ পিছতে লেখিকাগৰাকীয়ে কয় যে সন্তানৰ সুৰক্ষাৰ কথা ভাবিয়েই তেওঁ সমগ্র বিষয়টো গোপন কৰিছে৷ লগতে সংবাদ মাধ্যমক ক্লেয়াৰে এই অনুৰোধো জনায় যাতে কণমানি পুত্রৰ আলোকচিত্র পোহৰলৈ অনা নহয়৷ সুস্থ–স্বাভাৱিক পৰিৱেশত সন্তানক ডাঙৰ–দীঘল কৰিব বিচাৰে লেখিকাগৰাকীয়ে৷ লক্ষণীয়ভাৱে এই পোষ্টটোত আশ্চর্য প্রকাশ কৰিছে মাস্কে৷ কিন্তু কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ কালি লেখিকা ক্লেয়াৰৰ প্রতিনিধি ব্রায়ান গ্লীটিছে উল্লেখ কৰে যে বিষয়টোক লৈ ইতিমধ্যে ক্লেয়াৰৰ সৈতে মাস্কৰ মত বিনিময় হৈছে৷ ক্লেয়াৰৰ দাবী যদি সত্য হয়, তেন্তে তেওঁ মাস্কৰ জীৱনৰ চতুর্থ নাৰী হ’ব৷ ইয়াৰ পূর্বে তিনিগৰাকী মহিলাৰ সৈতে মাস্কৰ আছে ১২টা সন্তান৷ প্রথম পত্নীৰ সৈতে পাঁচটা সন্তান থকাৰ লগতে অন্য দুগৰাকী মহিলাৰ মাজত আছে ৭টা সন্তান৷ ক্লেয়াৰৰ দাবী অনুসৰি তেওঁ জন্ম দিয়া সন্তানটো মাস্কৰ ত্রয়োদশ সন্তান৷

You might also like