নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেন প্রশাসনে মনোনীত কৰিছে ২০ ভাৰতীয় মূলৰ বিষয়াক

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আমেৰিকাৰ জ’ বাইডেন প্রশাসনে দায়িত্ব গ্রহণৰ পূর্বে বিভিন্ন গুৰুত্বপূর্ণ পদবীৰ বাবে মনোনীত কৰিছে কমপক্ষেও ২০গৰাকী ভাৰতীয় মূলৰ আমেৰিকানক৷ এই ২০গৰাকী ভাৰতীয় বংশোদ্ভৱ আমেৰিকানৰ ভিতৰত আছে ১৩গৰাকী মহিলা৷ আগন্তুক ২০ জানুৱাৰীত বাইডেন প্রশাসনে আনুষ্ঠানিকেভাৱে হোৱাইট হাউছৰ দায়িত্ব গ্রহণ কৰিব৷ বাইডেন প্রশাসনৰ প্রথম উপ–ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰিব ভাৰতীয় বংশোদ্ভৱ মহিলা কমলা হেৰিছে৷ জ’ বাইডেনে মনোনীত কৰা ভাৰতীয় মূলৰ আমেৰিকান বিষয়ববীয়াসকল হৈছে মীৰা টেণ্ডন, ড০ বিবেক মূর্তি, ভনীতা গুপ্তা, উজ্ৰা জেয়া, মালা আদিগা, গৰিমা বার্মা, ছাব্রিনা সিং, আইছা শ্বাহ, ছমীৰা ফাজিলি, ভাৰত ৰামমূর্তি, গৌতম বাঘৱন, বিনয় ৰেড্ডী, বেদান্ত পেটেল, ছনিয়া আগৰৱালা আৰু বিদুৰ শর্মা৷ ইয়াৰ উপৰি তিনিগৰাকী ভাৰতীয় মূলৰ আমেৰিকানে হোৱাইট হাউছৰ ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ এই তিনিগৰাকী ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক হৈছে তৰুণ ছাব্রা, সুমনা গুহ আৰু শান্তি কালাথিল৷

স্মর্তব্য যে বাইডেনে মনোনীত কৰা ২০গৰাকী ভাৰতীয় মূলৰ আমেৰিকান বিষয়ববীয়াৰ ১৭গৰাকীয়েই থাকিব হোৱাইট হাউছ চৌহদৰ বিভিন্ন দায়িত্বত৷ আমেৰিকাৰ মুঠ জনসংখ্যাৰ ১ শতাংশ হৈছে ভাৰতীয় মূলৰ নাগৰিক৷ পূর্বৰে পৰা ভাৰতীয় মূলৰ বিষয়ববীয়াসকলে হোৱাইট হাউছৰ বিভিন্ন পদবীত নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে৷ গতিকে বাইডেনে ভাৰতীয় মূলৰ আমেৰিকান সকলক বহু গুৰুত্বপূর্ণ পদৰ বাবে মনোনীত কৰিছে৷

You might also like