অনুষ্ঠানৰ মাজতেই আৰক্ষীক পূর্ণহতীয়া চৰ বিজেপি বিধায়কৰ
বিশেষ বাৰ্তা, ৬ জানুৱাৰী : অনুষ্ঠানৰ মাজতেই এজন আৰক্ষী কর্মীক পূর্ণহতীয়া চৰ শোধালে বিজেপি বিধায়কে৷ বিধায়কগৰাকীৰ এনে আচৰণক লৈ উত্তপ্ত হৈছে মহাৰাষ্ট্রৰ ৰাজনীতি৷ কালি পুনেৰ এক হাস্পতালৰ অনুষ্ঠানলৈ গৈছিল বিজেপি বিধায়ক সুনীল কাম্বলে৷ অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী অজিত পাৱাৰ, শিক্ষামন্ত্রী হাছান মুছৰিফ আৰু সাংসদ সুনীল টাটকাৰে৷ এই সকলো জনপ্রতিনিধিৰ সন্মুখতে সুনীল কাম্বলেই মঞ্চৰ পৰা নমাৰ সময়ত কর্তব্যৰত আৰক্ষী কর্মী এজনক চৰিয়ায়৷ এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে সমগ্র মহাৰাষ্ট্রত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ বিধায়কগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷