ইডেন গাৰ্ডেনৰ গেলেৰীত উদ্ধাৰ যুৱকৰ ওলমি থকা মৃতদেহ
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰ : ইডেন গাৰ্ডেনত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। সোমবাৰে পুৱা গেলেৰীৰ কে ব্লকৰ পৰা ২১ বছৰীয়া যুৱক এজনৰ মৃতদেহ উদ্ধাৰ কৰে। জানিব পৰা মতে, মৃত লোকজনৰ নাম ধনঞ্জয় বাৰিক। তেওঁৰ পিতৃ আৰু ককাকে ইডেনত গাৰ্ডেনত কাম কৰিছিল। জানিব পৰা মতে, মৃতকৰ পিতৃ আৰু ককাকে ইডেনত গ্ৰাউণ্ড ষ্টাফ হিচাপে কাম কৰিছিল। ধনঞ্জয়েও সেই কামত যোগদান কৰিব বিচাৰিছিল। গতিকে পঢ়া-শুনা সমাপ্ত কৰি তেওঁ ওড়িশাৰ পৰা কলকাতালৈ গুচি যায়। ইডেন গাৰ্ডেনত তেওঁ কাম পাব নে নাই, সেই লৈ সন্দেহ আছিল। ধনঞ্জয় তেতিয়াৰ পৰাই মানসিক বিষণ্ণতাত ভুগিবলৈ আৰম্ভ কৰিছিল বুলি দেউতাক আৰু ককাকে কয়। মৃত লোকজনৰ পৰিয়ালে জনোৱা মতে, দেওবাৰৰ পৰা ধনঞ্জয় সন্ধানহীন হৈ আছিল। তেওঁক বিচাৰি নোপোৱাত মৈদান থানাত নিৰুদ্দেশৰ খবৰ অৱগত কৰিছিল। জানিব পৰা মতে, সোমবাৰে পুৱা ৭:৩০ মান বজাত ধনঞ্জয়ক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে এজন ব্যক্তিয়ে। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়। ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অৱশ্যে আৰক্ষীৰ ওচৰত কোনো এজাহাৰ দাখিল নকৰিলে পৰিয়ালটোৱে।