নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ নিশাই দৰা–কইনাৰ মৃত্যু

📌উত্তৰ প্রদেশৰ ঘটনাক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ৫ জুনঃ বিয়াৰ নিশাই মৃত্যু দৰা–কইনাৰ ৷ পিছদিনাখন পুৱাৰ ভাগত ঘৰৰ পৰা বাহিৰ কৰা হ’ল তেওঁলোকৰ মৃতদেহ৷ এই মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্য ৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন অনুসৰি, হূদৰোগত আক্রান্ত হৈ মৃত্যু হৈছে দৰা–কইনাৰ ৷ উত্তৰ প্রদেশৰ বাহৰাইচ জিলাৰ এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি মৃত্যু হোৱা দৰাৰ নাম প্রতাপ যাদৱ ৷ তেওঁৰ বয়স ২২ বছৰ ৷ ৩০ মে’ত প্রতাপ বিবাহপাশত আবদ্ধ হৈছিল ২০ বছৰীয়া পুষ্পাৰ সৈতে ৷ বিয়াৰ অনুষ্ঠান শেষ হোৱাৰ পিছত নিজৰ ঘৰত প্রৱেশ কৰিছিল দৰা–কইনা ৷ পিছদিনাখন পুৱাৰ ভাগত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ বন্ধ ঘৰত দৰা–কইনাৰ মৃত্যুক লৈ সন্দেহ প্রকাশ কৰে আত্মীয়–স্বজনে ৷ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ তাৎক্ষণিকভাৱে আৰক্ষীয়ে দুয়োজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে ৷ আৰক্ষী অধীক্ষক প্রশান্ত বার্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, দুয়োৰে হূদৰোগত আক্রান্ত হৈ মৃত্যু হৈছে৷

You might also like